নিউজ ডেস্ক, ২৭ এপ্ৰিলঃসোমবাৰে ৪০ দিনত ভৰি দিলে জম্মু-কাশ্মীৰৰ লক ডাউনে । কিন্তু সোমবাৰৰ পৰা পুনৰ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ কাশ্মীৰত অধিক দৃঢ় কৰা হৈছে লক ডাউন। কাশ্মীৰৰ বিধানসভাৰ লগতে অন্যান্য স্থানত মানুহৰ চলাচল,সমাগম সীমাবদ্ধ সুদৃঢ় কৰাৰ ওপৰত জোৰ দিয়া হৈছে । কাৰণ দেওবাৰে বহু কেইটা কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাচতেই এই তৎপৰতা লোৱা হয় প্ৰশাসন-আৰক্ষীৰ তৰফৰ পৰা ।
বহু কেইটা মুখ্য় পথত সেনা জোৱানে ছীল কৰাৰ লগতে বহু অচিনাক্ত লোকৰ আহ জাহত তীক্ষ্ণ দৃষ্টি ৰখা হৈছে । বহু লোকক পাছ প্ৰদান কৰা হৈছে অত্যাৱশকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে ।