নিউজ ডেস্ক, ১০ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে আবেলিৰ ভাগত দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে । কোভিড-১৯ৰ পিচত এয়া পঞ্চমবাৰৰ বাবে এইদৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে । ভিডিঅ' কনফাৰেন্সযোগে সোমবাৰে বিয়লি ৩ বজাত মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী ।
লকডাউন : সোমবাৰে মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী - ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত প্ৰধানমন্ত্ৰী
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউন সন্দৰ্ভত সোমবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হ'ব ।

মুখ্য়মন্ত্ৰীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী
সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১৭ মে'ত অন্ত পৰিবলগীয়া লকডাউনৰ পিচত অৰ্থনৈতিক কাৰ্যকলাপসমূহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আলোচনা কৰাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । কোভিড-১৯ৰ ব্যৱস্থাপনাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাই ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য সচিবৰ লগতে স্বাস্থ্য সচিবসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত এই ঘোষণা কৰা হয় ।
২৫ মাৰ্চত জাৰী কৰা লকডাউন ১৪ এপ্ৰিলত অন্ত পৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত ৩ মে' আৰু তাৰ পিচত ১৭ মে'লৈকে ইয়াক বৃদ্ধি কৰা হয় ।