নিউজ ডেস্ক, 15 এপ্ৰিলঃ সমগ্ৰ দেশতে জাৰী কৰা লকডাউনৰ মাজত আবদ্ধ হৈ পৰিছে দেশৰ প্ৰায়ভাগ নাগৰিক ৷ এনে অৱস্থাত নিজ নিজ ৰাজ্যৰ পৰা বাহিৰত আবদ্ধ লোকসকল বিশেষ অসুবিধাত যাতে নপৰে তাৰ বাবে প্ৰত্যেকখন ৰাজ্যই নিজাববীয়াকৈ গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ এইক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকসকলৰ ক্ষেত্ৰত দেখা পোৱা গৈছে বিশেষ অসুবিধা ৷ বিশেষকৈ মণিপুৰৰ নাগৰিকসকলে দেশৰ বিভিন্ন প্ৰান্তত বৰ্ণ বৈষম্যৰ বলি হোৱা পৰিলক্ষিত হৈছে ৷ দিল্লী আৰু হায়দৰাবাদত এইদৰে বৈষম্যৰ বলি হৈছে মণিপুৰী নাগৰিক ৷ যাৰ বাবে মণিপুৰৰ চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷
লগতে পঢ়কঃঅভিবাসী শ্ৰমিকৰ বাবে "টাইম ব'ম" সকংটঃ কামাল হাচান
মণিপুৰৰ ৰাজ্য চৰকাৰে বাহিৰত আবদ্ধ হৈ পৰা ইয়াৰ নাগৰিকসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ ৰাজ্যখনৰ প্ৰায় 17,000 নাগৰিক দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ৷ এইসমূহ লোকে আৰ্থিক তথা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৷ এনে অৱস্থাত ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা প্ৰায় 2,700 মণিপুৰী নাগৰিকক আৰ্থিক সাহাৰ্য ইতিমধ্যে প্ৰদান কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে উল্লেখ কৰিছে এই তথ্য ৷ সোমবাৰলৈ মণিপুৰ চৰকাৰে 2,700 নাগৰিকক প্ৰদান কৰিছে 2,000 কৈ টকাৰ এককালীন আৰ্থিক সাহাৰ্য ৷ মুখ্যমন্ত্ৰীৰ এন বীৰেন সিঙে ভিডিঅ’ মেছেজৰ দ্বাৰা সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে মণিপুৰ ৰাজ্য চৰকাৰে ইয়াৰ নাগৰিকসকলৰ বেংক একাউন্টত টকাসমূহ জমা কৰি দিছে ৷