নেশ্যনেল ডেক্স,15 এপ্ৰিলঃদেশত 3 মে’ পৰ্যন্ত লক ডাউন বৃদ্ধি কৰাৰ পিছতেই চৰকাৰে কৰ’ণা সন্দৰ্ভত কিছুমান নীতি-নিৰ্দেশনাৰ সংশোধন কৰিছে ৷ এই নিয়মাৱলী অনুসৰি যিকোনো সামাজিক স্থানত থু-পিক্ পোলোৱাটো দণ্ডনীয় অপৰাধ ঘোষণা কৰাৰ লগতে সামাজিক স্থানসমূহত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷
লক ডাউনৰ দ্বিতীয় পৰ্যায়ত বুধবাৰে চৰকাৰে এই নতুন নীতি-নিৰ্দেশনাসমূহ জাৰি কৰে ৷ ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সকলো প্ৰকাৰৰ গণ পৰিবহন সেৱাৰ লগতে গণ সমাগমস্থলীসমূহ 3 মে’ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ গৃহ মন্ত্ৰণালয়ৰ নতুন নিয়মাৱলী অনুসৰি সুৰা আৰু ধপাত জাতীয় সামগ্ৰীৰ বিক্ৰী 3 মে’ পৰ্যন্ত বন্ধৰ নিৰ্দেশ প্ৰদান কৰিছে ৷
আনহাতে,সকলোপ্ৰকাৰৰ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা যাতায়াতৰ লগতে মেট্ৰ’ তথা বাছসেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব ৷ ইয়াৰ বিপৰীতে গ্ৰামাঞ্চলত অৱস্থিত ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ শেহতীয়া পৰিস্থিতি সমূহলৈ লক্ষ্য কৰি সামাজিক দূৰত্বৰ নিয়মানুৱৰ্তিতা বজাই ৰাখি 20 এপ্ৰিলৰ পিছত কাৰ্যক্ষম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷
ইয়াৰ উপৰিও কৰ্ম প্ৰতিষ্ঠানসমূহৰ বাবেও কিছুমান নতুন নীতি-নিয়ম ধাৰ্য কৰি দিয়া হৈছে ৷ প্ৰতিষ্ঠানসমূহত প্ৰতিটো চিফটৰ মাজত এঘন্টাৰ ব্যৱধান ৰখাটো বাধ্যতামূলক কৰা হৈছে ৷ লগতে 65 বছৰৰ উৰ্ধৰ লোকসকলৰ লগতে পাঁচ বছৰৰ অনুৰ্ধৰ শিশুসকলৰ পিতৃ-মাতৃসকলক ঘৰৰ পৰাই কাম কৰাৰ সুবিধা প্ৰদান কৰা হ’ব ৷ উক্ত নিৰ্দেশনাত আৰোগ্য সেঁতু এপ ব্যৱহাৰৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে ৷ আৰোগ্য সেঁতু এপটো ব্যক্তিগত খণ্ডৰ লগতে চৰকাৰী খণ্ডৰ সকলো কৰ্মচাৰীৰ বাবেই উপযোগী ৷ ইয়াৰ উপৰিও প্ৰতিষ্ঠানসমূহত চিফট সমূহৰ মাজত ছেনিটাইজ কৰাৰ বাবেও এই নিয়মাবলীত গুৰুত্ব আৰোপ কৰা হয় ৷
ইয়াৰ সমান্তৰালকৈ সকলো ধৰণৰ ৰাজনৈতিক,ক্ৰীড়া,ধৰ্মীয় অনুষ্ঠানৰ স্থানসমূহ 3 মে’ পৰ্যন্ত বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হয় ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবা,ট্ৰাক মেৰামতি কৰা দোকানৰ উপৰিও চৰকাৰী কল-চেন্টাৰসমূহ 20 এপ্ৰিলৰ পিছত মুকলি কৰা হ’ব ৷ আনহাতে, 20 এপ্ৰিলৰ পিছতেই কৃষিক্ষেত্ৰৰ লগত জড়িত সকলো ধৰণৰ উদ্যোগিক প্ৰতিষ্ঠানৰ লগতে,কৃষি সামগ্ৰী বিক্ৰী কৰা বিপণীসমূহ, ঔষধ আৰু চিকিৎসা সৰঞ্জামৰ লগতে এম্বুলেঞ্চ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহো মুকলি কৰিবলৈ দিয়া হ’ব ৷
অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিক্ৰী কৰা বিপণীসমূহ লক ডাউনৰ মাজতো খোলা ৰখা হ’ব ৷ কিন্তু ইয়াৰ বিপৰীতে কোভিড 19 হটস্পট সমূহত নিয়মাৱলীসমূহ শিথিল নকৰি অঞ্চলসমূহৰ প্ৰয়োজন অনুসৰি অধিক কঠোৰ কৰাৰ বাবে ৰাজ্যসমূহৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ৷
লগতে পঢ়ক-লকডাউনৰ সুযোগ লৈ জোনাইত চোৰাং কাঠৰ বেহা