নিউজ ডেস্ক, 31 মাৰ্চ: বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণক ৰোধিবলৈ দেশজুৰি ঘোষণা কৰা লক্ ডাউনৰ সময়ছোৱাত জৰুৰীকালীন তথা অন্যান্য অত্যাৱশ্যকীয় প্ৰয়োজনত বাহিৰলৈ ওলাব বিচৰা লোক সকলক সহায় প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ সমূহে দিয়া আশ্বাসৰ পাচতো, এগৰাকী বয়স্থ মহিলাই নিজৰ ৰুগীয়া পুত্ৰৰ চিকিৎসাৰ সহায়ৰ বাবে 10 ঘণ্টা অপেক্ষা কৰিবলগীয়া হ'ল দিল্লীৰ বাছ ষ্টেণ্ডত ৷
লক্ ডাউন : দেশৰ ৰাজধানীত ৰোগীয়া পুত্ৰক চিকিৎসালয়লৈ নিবলৈ অসহায় বৃদ্ধ মহিলা - পুত্ৰক চিকিৎসালয়লৈ নিবলৈ অসহায় বৃদ্ধ মহিলা
মহিলাগৰাকীৰ পুত্ৰৰ তীব্ৰ জ্বৰ আৰু শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পাইছিল ৷ যিটো নেকি কৰ'ণা ভাইৰাছৰ প্ৰাথমিক লক্ষণ ৷ কিন্তু নিজৰ সন্তানক চিকিৎসালয়ত লৈ যাবলৈ কোনো সুবিধা নথকাত মানুহগৰাকী সমস্যাত পৰে ৷
![লক্ ডাউন : দেশৰ ৰাজধানীত ৰোগীয়া পুত্ৰক চিকিৎসালয়লৈ নিবলৈ অসহায় বৃদ্ধ মহিলা lockdown-elderly-woman-waits-10-hrs-at-delhi-bus-stop-to-get-medical-aid-for-ill-son](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6605509-thumbnail-3x2-d.jpg)
পুৱা চাৰি বজাৰ পৰা দেশৰ ৰাজধানী চহৰ দিল্লীৰ আম্বেদকাৰ নগৰ বাছ ষ্টেণ্ডত সংগম বিহাৰ অঞ্চলৰ এগৰাকী বয়সস্থ মহিলাই নিজৰ পুত্ৰক কাষৰে এখন চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিবলৈ 112 জৰুৰীকালীন সেৱাৰ নম্বৰ আৰু স্থানীয় আৰক্ষীক ফোন কৰি থৈছিল ৷ মহিলাগৰাকীৰ পুত্ৰৰ তীব্ৰ জ্বৰ আৰু শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পাইছিল ৷ যিটো নেকি কৰ'ণা ভাইৰাছৰ প্ৰাথমিক লক্ষণ ৷ কিন্তু নিজৰ সন্তানক চিকিৎসালয়ত লৈ যাবলৈ কোনো সুবিধা নথকাত মানুহগৰাকী অসমৰ্থ হয় ৷ তেনেস্থলত আৰক্ষীৰ ফালৰ পৰা কোনো সহায় লাভ নকৰা বুলি মন্তব্য কৰে মহিলাগৰাকীয়ে ৷ ইয়াৰ পাচতেই বিয়লি 3.40 বজাত এজন স্থানীয় সুহৃদ লোকে সহায় কৰে আৰু এখন এম্বুলেঞ্চৰ সহায়ত ৰোগীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : অৰুণাচল প্ৰদেশ চৰকাৰৰ হেলিকপ্তাৰৰে খাদ্য সামগ্ৰী বিতৰণ