অসম

assam

ETV Bharat / bharat

66 শতাংশলৈ গতি বৃদ্ধি পালে মালবাহী ট্ৰেইনৰ - কৰ'ণা ভাইৰাছ

মালবাহী ট্ৰেইনৰ গতিবেগ বৃদ্ধি পালে 66 শতাংশলৈ ৷ যাত্ৰীবাহী ট্ৰেইনৰ চলাচল বন্ধ হৈ পৰাত মালবাহী ট্ৰেইনৰ গতি বৃদ্ধি পালে ৷

66 শতাংশ
66 শতাংশলৈ গতি বৃদ্ধি পালে মালবাহী ট্ৰেইনৰ

By

Published : May 6, 2020, 7:35 PM IST

নেশ্যনেল ডেস্ক, 6 মে' : ৰেলৱে'ৰ মালবাহী ট্ৰেইসমূহৰ গতি বৃদ্ধি পালে লকডাউনৰ সময়ছোৱাত ৷ এই সময়ছোৱাত লকডাউনৰ গতিবেগ বৃদ্ধি পাই 66 শতাংশ হ'লগৈ ৷ কিছু সংখ্যক স্থানত যোৱা বছৰৰ তুলনাত এই গতি দুগুনলৈ বৃদ্ধি পালে ৷ কৰ'ণা ভাইৰাছৰ ফলত যাত্ৰীবাহী ট্ৰেইনৰ চলাচলত ব্যাঘাত জন্মাৰ ফলত বৃদ্ধি পালে মালবাহী ট্ৰেইনৰ গতিবেগ ৷

সাধাৰণ পৰিস্থিতিত মালবাহী ট্ৰেইনসমূহ গড়ে 24 কিল'মিটাৰ প্ৰতি ঘন্টাৰ বেগত গতি কৰে ৷ কিন্তু, লকডাউনৰ ফলত কিছুসংখ্যক স্থানত এই গতিবেগ দুগুনলৈ বৃদ্ধি পোৱা পৰিলক্ষিত হ'ল ৷

পূৱ কেন্দ্ৰীয় ৰেলৱে' সংমণ্ডলত যোৱা বছৰত 22.2 কিল'মিটাৰ প্ৰতি ঘন্টাত চলা ট্ৰেইনৰ গতিবেগ 53.15 কিল'মিটাৰ প্ৰতি ঘন্টালৈ বৃদ্ধি পালে ৷ কংকন ৰেলৱে'ই 54 কিল'মিটাৰ প্ৰতি ঘন্টাত গতি কৰাৰ পৰিৱৰ্তে উত্তৰ কেন্দ্ৰীয় ৰেলৱে' সংমণ্ডলত 46 কিল'মিটাৰ প্ৰতি ঘন্টাত আৰু পশ্চিম ৰেলৱে' সংমণ্ডলত 43 কিল'মিটাৰ প্ৰতি ঘন্টাত গতি কৰিছে ৷

ইয়াৰ ফলত যোৱা বছৰৰ তুলনাত এই বছৰৰ এপ্ৰিল মাহত মালবাহী ৰেলৰ গতিবেগ বৃদ্ধি পাই গড়ে 66.48 শতাংশ হৈছেগৈ ৷

ৰেলৱে'ৰ মুখপাত্ৰ আৰ. ডি. বাজপেয়ীয়ে এক নিউজ এজেন্সীক জানিবলৈ দিয়ে, "যাত্ৰীবাহী আৰু মালবাহী ট্ৰেইনসমূহ পৃথক গতিবেগত চলাচল কৰে ৷ বহুসময়ত যাত্ৰীবাহী ট্ৰেইনসমূহ চালিত কৰিবৰ বাবে মালবাহী ট্ৰেইনসমূহ পথতে আৱদ্ধ হৈ থাকে ৷ বৰ্তমান লকডাউনৰ ফলত যাত্ৰীবাহী ট্ৰেইনসমূহৰ চলাচল নোহোৱাৰ বাবে মালবাহী ট্ৰেইনসমূহৰ গতি বৃদ্ধি পাইছে ৷"

উল্লেখ্য যে, এই সময়ছোৱাত ৰেলৱে'ই দেশৰ বিভিন্ন স্থানলৈ অত্যাৱশ্যকীয় সামগ্ৰী সেৱা আগবঢ়াই আহিছে ৷ যোৱা বছৰ এপ্ৰিল মাহত ৰেলৱে'ই 12.9 লাখ টন সামগ্ৰী কঢ়িয়াইছিল যদিও এইবছৰ সেই সংখ্য়া বৃদ্ধি পাই 1 এপ্ৰিলৰ পৰা 16 এপ্ৰিলৰ ভিতৰতে 32 লাখ টন হয় ৷

22 এপ্ৰিল, 2020 লৈকে ভাৰতীয় ৰেলৱে'ই 3.13 লাখ টন খাদ্য সামগ্ৰী প্ৰেৰণৰ জৰিয়তে নতুন অভিলেখ স্থাপন কৰিছে ৷

ABOUT THE AUTHOR

...view details