নিউজ ডেস্ক, 5 এপ্ৰিলঃ12 দিন পূৰ্বে সমগ্ৰ দেশত লক ডাউনৰ ঘোষণা কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উক্ত দিনৰ পৰা আজিলৈ দেশবাসীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থন জনাই আহিছে ৷ এই পৰ্যন্ত ৰাজ্যখনত COVID 19 ত আক্ৰান্ত লোকৰ সংখ্যা 26 জন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক COVID 19 ৰ বিৰুদ্ধে ভাৰতে কৰা যুদ্ধৰ প্ৰতীক হিচাপে 5 এপ্ৰিলৰ নিশা 9 বজাত 9 মিনিটৰ বাবে নিজ গৃহতে ম’বাইলৰ ফ্লাছ লাইট, চাকি আদি জ্বলাবলৈ আহ্বান জনাই ৷ দেশবাসীয়ে পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই আহ্বানক সমৰ্থন জনোৱা পৰিলক্ষিত হয় ৷ আনহাতে ৰাজ্যতো জনসাধাৰণে মোডীক সমৰ্থন জনাই চাকি, বন্তী জ্বলোৱা দেখা পোৱা যায় ৷ আনহাতে লক ডাউনৰ সময়ছোৱাত ৰাজ্যৰ কেবা স্থানত হত্যাকাণ্ড চুৰি ডকাইতিৰ দৰে ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা যায় ৷ বৰ্তমানো বিভিন্ন স্থানত চৰকাৰৰ চেনিটাইজেচনৰ লগতে খাদ্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া অব্যাহত আছে ৷
সমগ্ৰ দেশত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 3,200 গৰাকীলৈ বৃদ্ধি হোৱাৰ লগতে নিহত সংখ্যা 96 বুলি জানিব পৰা গৈছে ৷
পুনেঃ Defence Research and Development Organization ৰ এটা ইউনিটে কৰ'ণাৰ স'তে যুঁজ দিবলৈ স্বাস্থ্যকৰ্মীসকলৰ বাবে সম্পূৰ্ণ শৰীৰ থাকি ৰখাকৈ এটা বীজাণুনাশক কক্ষ তৈয়াৰ কৰি ওলিয়াই৷ আনহাতে The Vehicle Research and Development বিভাগে স্বাস্থ্যকৰ্মীক চেনিটাইজ কৰিব পৰাকৈ `Personnel Sanitization Enclosure’তৈয়াৰ কৰা বুলি আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে ৷