অসম

assam

By

Published : Apr 11, 2020, 7:30 PM IST

Updated : Apr 11, 2020, 11:20 PM IST

ETV Bharat / bharat

এপৰ জৰিয়তে অত্যাৱশ্যকীয় সেৱা আগবঢ়াব অৰুণাচল চৰকাৰে

অত্যাৱশ্যকীয় সেৱা আগবঢ়াবৰ বাবে অৰুণাচল চৰকাৰৰ এপ মুকলি ৷ প্ৰতিঘৰ লোকক দুৱাৰদলিত যোগান ধৰিব প্ৰয়োজনীয় সামগ্ৰী ৷

অত্যাৱশ্যকীয় সেৱা
অৰুণাচল চৰকাৰৰ এপ মুকলি

নেশ্যনেল ডেস্ক, 11 এপ্ৰিল : লকডাউনৰ ফলত গৃহবন্দী হৈ থাকিব লগা হোৱা লোকৰ সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশ চৰকাৰে ৷ প্ৰতিঘৰ লোকৰ দুৱাৰদলিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবৰ বাবে ৰাজ্যখনৰ চৰকাৰে মুকলি কৰিছে এপ ৷

25 মাৰ্চত লকডাউন ঘোষণা কৰাৰ পাচতে 'U Tell Us' আৰু 'Dukan Dada' নামৰ দুটা এপ মুকলি কৰিছিল অৰুণাচল চৰকাৰে ৷ ইয়াৰ পাচতে খাদ্য সামগ্ৰী, মাস্ক, ছেনিটাইজাৰ আৰু এম্বুলেন্স সেৱাৰ বাবে মুকলি কৰিছিল 'Mebuddy' আৰু 'APeats' নামৰ দুটা এপ ৷

ৰাজধানী আৰক্ষী অধীক্ষক টুম্মে এমোই মন্তব্য কৰে, "বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা দোকানসমূহৰ পৰা খাদ্য সামগ্ৰী ঘৰে-ঘৰে প্ৰেৰণ কৰাৰ চেষ্টা কৰা হৈছে ৷ ইয়াৰ ফলত সকলো লোক নিজ ঘৰত সোমাই থাকিব আৰু সামাজিক দূৰত্ব মানি চলাৰ লগতে COVID-19 ৰ সংক্ৰমণ ৰোধ হ'ব ৷"

আনহাতে, ইটানগৰ আৰু নাহৰলগুনত এখনকৈ বাহন ৰোগীক হাস্পতাললৈ অনা-নিয়া কৰিবৰ বাবে প্ৰদান কৰিছে আৰক্ষী বিভাগে ৷

'U Tell Us', 'Dukan Dada' আৰু 'Mebuddy' য়ে ইটানগৰ, নাহৰলাগুন, নিৰ্জুলি আৰু য়ুপিয়া অঞ্চলৰ লোকক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে ৷ উচিত মূল্যত বহু সংখ্যক লোকে এই সামগ্ৰীৰ যোগান ধৰিছে ৷

আৰক্ষী অধীক্ষক এমোই জানিবলৈ দিয়া অনুসৰি, "অনলাইন প্লেটফৰ্ম, মোবাইল এপ আৰু ফোনেৰে অৰ্ডাৰ দিয়াৰ লগতে অললাইন টকা পৰিশোধ কৰাৰ লগতে নিজ ঘৰতো টকা পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছে ৷"

Last Updated : Apr 11, 2020, 11:20 PM IST

ABOUT THE AUTHOR

...view details