অসম

assam

ETV Bharat / bharat

গ্ৰন্থালয় খোলাত অনুমতি উত্তৰ প্ৰদেশ চৰকাৰৰ

দেশত চলি থকা লকডাউনৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনত পান মছলাৰ উৎপাদন আৰু বিক্ৰীত অনুমতি প্ৰদান কৰিছে । অৱশ্যে গুটখা আৰু গুটখাজাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা অব্যাহত থাকিব । আনহাতে গ্ৰীণ আৰু অৰেঞ্জ জ'নত ষ্টেচনাৰী আৰু কিতাপৰ দোকানসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে যোগী আদিত্যনাথৰ চৰকাৰে ।

গ্ৰন্থালয় খোলাত অনুমতি উত্তৰ প্ৰদেশ চৰকাৰৰ
গ্ৰন্থালয় খোলাত অনুমতি উত্তৰ প্ৰদেশ চৰকাৰৰ

By

Published : May 7, 2020, 12:30 PM IST

নিউজ ডেস্ক, ৭ মে' :লকডাউনৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্য়খনত পান মছলা, ষ্টেচনাৰী আৰু কিতাপৰ দোকানসমূহ খোলাত অনুমতি প্ৰদান কৰিছে । ৰাজ্যখনৰ গ্ৰীণ আৰু অৰেঞ্জ জ'নত ষ্টেচনাৰী আৰু কিতাপৰ দোকানত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ লগতে, গুটখা আৰু গুটখা জাতীয় সামগ্ৰীৰ নিৰ্মাণ আৰু বিক্ৰীত থকা নিষেধাজ্ঞা অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।

খাদ্য় সুৰক্ষা বিভাগৰ আয়ুক্ত অনিতা সিঙে এই সন্দৰ্ভত নিৰ্দেশনা জাৰী কৰিছে আৰু পান মছলা বিক্ৰী তথা উৎপাদনত অনুমতি প্ৰদান কৰিছে । আনহাতে সামাজিক দুৰত্ব মানি চলি কিতাপৰ দোকান তথা ষ্টেচনাৰী দোকানসমূহো খুলিব পাৰিব বুলি জনাইছে আয়ুক্তগৰাকীয়ে । যদিও বহুটো শিক্ষা প্ৰতিষ্ঠানে অনলাইন যোগে পাঠদান আৰম্ভ কৰিছে তথাপিও বহুসংখ্যক শিক্ষাৰ্থীয়ে কিতাপৰ অভাৱৰ বিষয়ে উল্লেখ কৰিছে । এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ষ্টেচনাৰী আৰু কিতাপৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ।

লগতে পঢ়কঃCovid-১৯ ৰ চিকিৎসাৰ এণ্টিবডীৰ ক্ষেত্ৰত সফল হৈছোঁ, প্ৰতিষেধকৰ ক্ষেত্ৰত নহয় : ইজৰাইলী ৰাষ্ট্ৰদূত

ABOUT THE AUTHOR

...view details