অসম

assam

ETV Bharat / bharat

লকডাউন 2.0: কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰিলে নিৰ্দেশনা - Lockdown 2.0: MHA issues guidelines on Covid-19

কোভিড-19 মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ বৃদ্ধি কৰা হয় লকডাউনৰ সময়সীমা ৷ ইয়াকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰিছে বিশেষ নিৰ্দেশনা ৷ নিৰ্ধাৰিত অতিৰিক্ত সেৱাসমূহ এপ্ৰিলৰ 20 তাৰিখৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি কোৱা হৈছে এই নিৰ্দেশনাত ৷ আনহাতে পৰিবহনৰ ক্ষেত্ৰত 3 মে’ লৈ নিষেধাজ্ঞা থাকিব আৰু ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰা হৈছে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰিলে নিৰ্দেশনা
কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰিলে নিৰ্দেশনা

By

Published : Apr 15, 2020, 12:38 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লকডাউনৰ সময়সীমা 3 মে’লৈকে বৃদ্ধি কৰাৰ পিচতেই কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰী কৰিছে নতুন নিৰ্দেশনা ৷ ইয়াৰ দ্বাৰা ৰাইজৰ অসুবিধা দূৰ কৰিবলৈ নিৰ্ধাৰিত অতিৰিক্ত সেৱাসমূহ 20 এপ্ৰিলৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি কোৱা হৈছে ৷ আনহাতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ ইযাৰ লগতে সকলো ৰাজহুৱা আৰু ব্যক্তিগত পৰিবহন ব্যৱস্থা লকডাউনৰ পৰৱৰ্তী সময় অৰ্থাৎ 3 মে’লৈকে বন্ধ থাকিব বুলিও কোৱা হৈছে এই নিৰ্দেশনাত ৷

দ্বিতীয় লানি লকডাউনৰ সময়চোৱাত ৰাজহুৱা স্থান আৰু সকলো পৰিবহন ব্যৱস্থা বন্ধ ৰাখিবলৈ বুধবাৰে এই নিৰ্দেশনা জাৰী কৰে বিভাগটোৱে ৷ আন্ত-ৰাজ্যিক,আন্ত-জিলা পৰ্যায়ত মানুহৰ অহা-যোৱা,মেট্ৰ’ সেৱা,বাছ সেৱা 3 মে’লৈ বন্ধ থাকিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷ শিক্ষানুষ্ঠান,প্ৰশিক্ষণ কেন্দ্ৰ, ঘৰুৱা আৰু বৈদেশিক বিমান পৰিবহন,ৰেল সেৱা আদিও 3 মে’লৈ বন্ধ থাকিব বুলি নিৰ্দেশনা জাৰী কৰিছে গৃহ বিভাগে ৷

আনহাতে চিনেমা হ’ল,মল,শ্বপিং কমপ্লেক্স, ব্যায়ামগাৰ,স্পৰ্টছ কমপ্লেক্স,চুইমিং পুল,বাৰ আদিও 3 মে’লৈকে বন্ধ থাকিব ৷ সকলো সামাজিক,ৰাজহুৱা, ক্ৰীড়া,ধৰ্মীয় অনুষ্ঠান আদিৰ ক্ষেত্ৰটো একেই নিৰ্দেশনা বাহাল থাকিব বুলি কোৱা হৈছে নিৰ্দেশনাটোত ৷

অৱশ্যে,কৃষিজাত,উদ্যানজাত,ফাৰ্মিং,শস্য ক্ৰয়,মন্দী আদি এপ্ৰিলৰ 20 তাৰিখৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি কোৱা হৈছে নিৰ্দেশনাটোত ৷ ইয়াৰ লগতে, ফাৰ্ম মেচিনাৰী,ইয়াৰ লাগতিয়াল অংশ প্ৰণালী,যোগান শৃংখল,মেৰামতি,কাষ্টম হায়াৰিং চেন্টাৰ আদিৰ সৈতে জড়িত সকলো খণ্ডই 20 এপ্ৰিলৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷ আনহাতে ঔষধ নিৰ্মাণকাৰী খণ্ড,স্বাস্থ্যখণ্ডৰ মেচিন,স্বাস্থ্য আন্তঃগাঁথনিখণ্ড,হাইৱে ধাবা,ট্ৰাক মেৰামতি কেন্দ্ৰ,কল চেন্টাৰ আদিও 20 তাৰিখৰ ভিতৰত খোলা দিয়া হ’ব বুলি নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰিছে গৃহ বিভাগে ৷ মন্ত্ৰালয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰাৰ লগতে ইয়াক ভংগ কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি উল্লেখ আছে নিৰ্দেশনাটোত ৷ নিৰ্ধাৰিত উদ্যোগিক আৰু বাণিজ্যিক স্থানসমূহ মুকলি কৰাৰ ক্ষেত্ৰটো মন্ত্ৰালয়ে শিথিলতা প্ৰদান কৰিছে ৷ এইক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰসমূহে নিৰ্দিষ্ট পৰিস্কাৰ পৰিচ্ছন্নতা গ্ৰহণ কৰিব লাগিব যাতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ সেই স্থানত সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতিও বিশেষ লক্ষ্য দিব লাগিব বুলি কোৱা হৈছে এই নিৰ্দেশনাত ৷

দেশৰ 11,000 লোকক সংক্ৰমিত কৰা আৰু 370ৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া কোভিড-19 মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈয়ে এইদৰে দ্বিতীয়লানি লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

লগতে চাওকঃ লকডাউন বৃদ্ধি : প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মুম্বাইৰ ৰাজপথ

ABOUT THE AUTHOR

...view details