নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : 3 মে'লৈ লকডাউনৰ সময়সীমা বৃদ্ধিৰ কথা প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰাৰ পাচতে দৈনিক শ্ৰমৰ জৰিয়তে উপাৰ্জন কৰা বহুসংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিক ওলাই আহে মুম্বাই ৰাজপথলৈ ৷ এই শ্ৰমিকসকলে তেওঁলোকৰ নিজ নিজ স্থানলৈ ঘূৰি যাবলৈ যাৱতীয় ব্যৱস্থা কৰি দিবলৈ দাবী কৰে ৷ লকডাউন ঘোষণা কৰাৰ পাচৰ পৰা আৰ্থিক সংকটৰ লগতে বহুসংখ্যকে চাকৰি হেৰুওৱাৰ ফলত ক্ষুণ্ণ হৈ পৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ৷
প্ৰশাসন আৰু বিভিন্ন বেচৰকাৰী সংস্থাই তেওঁলোকক খাদ্য আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰিছে যদিও এই শ্ৰমিকসকলে নিজ নিজ অঞ্চললৈ ঘূৰি যাবলৈ দাবী জনাইছে ৷