নিউজ ডেস্ক , 8 এপ্ৰিলঃ লক ডাউনৰ আজি 15 দিন ৷ ৰাজ্যবাসীয়ে সমৰ্থন জনাই গৈছে প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বানক ৷ ফলস্বৰূপে গৃহবন্দী হৈ আছে সকলো ৷ প্ৰতিদিনে একোখনকৈ জিলা পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে ৷ আনহাতে স্বাস্থ্য ব্যৱস্থাটো কোনো ক্ৰটি এৰা নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ইতিমধ্যে ৰাজ্যৰ কৰ'ণা ৰোগীসকলক চিকিৎসা আগবঢ়াই থকা চিকিৎসাকৰ্মীৰ দলটোক কোৱাৰানটাইনৰ বাবে পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভান্তালৈ পঠিওৱা হয় ৷ হাস্পতালৰ পৰা ওলাই অহাৰ পাছতে দ্বিতীয় দলটোৱে প্ৰথম দলটোক গামোচাৰে সম্বাৰ্ধণা জ্ঞাপন কৰে ৷ আজিও লখিমপুৰ, শদিয়া সৰুপথাৰৰ লগতে কৰিমগঞ্জত আৰক্ষীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ৷ আনহাতে ই টিভি ভাৰতৰ বাতৰি প্ৰভাৱৰ পাছতে শিলচৰৰ ৰেড লাইট অঞ্চলত খাদ্য সামগ্ৰী প্ৰদান কৰে কেবাটাও বেচৰকাৰী সংগঠনে ৷ আজি নগাঁও পৰ্যবেক্ষণৰ বাবে আহে যোগান মন্ত্ৰী ফণী ভূষণ চৌধৰী ৷ উল্লেখ্য যে, বিজেপি দলে কংগ্ৰেছীসকলক খাদ্য সামগ্ৰী প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
15 দিনত দেশজুৰি সামগ্ৰিক পৰিৱেশ...
দিল্লীঃ বুধবাৰে COVID 19 ত আক্ৰান্ত হয় দিল্লীৰ কালকাজিৰ অন্তৰ্গত দিল্লী আৰক্ষীয়ে বাস কৰা অঞ্চলটোৰ এগৰাকী আৰক্ষী বিষয়া ৷ ফলত সম্পূৰ্ণ অঞ্চলটো ছীল কৰে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জেনে প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত দিল্লীক কৰ'ণাত আক্ৰান্তৰ সংখ্যা 576 ৷ আনহাতে ৰাজ্যপাল অনিল বাইজলে চবে বৰাটৰ বাবে মুছলমান ধৰ্মাৱলম্বী লোকসকলক ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনাই ৷ ৰাজ্যখনৰ ফৰিদাবাদ জিলাৰ 13 টা অঞ্চলক প্ৰশাসনে নিয়ন্ত্ৰণ ক্ষেত্ৰ হিচাবে ঘোষণা কৰে ৷
মুম্বাইঃ আজি ৰাজ্যখনত এজন কচাইৰ লগতে এগৰাকী স্বাস্থ্যকৰ্মী কৰ'ণা আক্ৰান্ত হয় ৷ ফলত চহৰখনৰ প্ৰায় গাখীৰ, পাচলী, ফলৰ দোকান পোহৰ বন্ধ কৰে প্ৰশাসনে ৷ আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধব থাকৰে গৃহত মোতায়ন কৰা এগৰাকী আৰক্ষীও কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ গৃহৰ নিকটৱৰ্তি এগৰাকী চাহ দোকানীও কৰ'ণাত আক্ৰান্ত হোৱা বুলি জনাই ৰাজ্যিক গৃহমন্ত্ৰী অনিল দেশমুখে ৷