উত্তৰ প্ৰদেশ, 30 মে': উত্তৰ প্ৰদেশৰ হাৰডইত উত্তপ্ত পৰিস্থিতি । এজন ৩০ বছৰীয়া লোকৰ আত্মহত্যাক কেন্দ্ৰ কৰি আৰক্ষীলৈ শিলাবৰ্ষণ স্থানীয় লোকৰ । শিলাবৰ্ষণত আট্ৰাওলি আৰক্ষী থানাৰ দুগৰাকী আৰক্ষী কৰ্মী গুৰুতৰভাৱে আহত ।
উত্তৰ প্ৰদেশত আৰক্ষীৰ ওপৰত শিল নিক্ষেপ জানিব পৰা মতে, আত্মহত্যা কৰা অশোক নামৰ লোকজনৰ মৃতদেহটো উত্তৰ প্ৰদেশৰ হাৰডই অঞ্চলৰ এখন বাগিছাত ওলমি থকাত অৱস্থাত পোৱা গৈছিল । ঘটনাস্থলীত পিচত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচত মৃতদেহটো গাঁৱৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে ।
কিন্তু ভুক্তভোগী পৰিয়ালে মৃতদেহটোৰ অন্তোষ্টিক্ৰিয়া কৰিবলৈ অমান্তি হৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । আৰক্ষীয়ে ঘটনাটো সমাধান কৰিবলৈ পুনৰ গাওঁখনত উপস্থিত হওঁতে স্থানীয় লোকে আৰক্ষীৰ ওপৰত শিল নিক্ষেপ কৰে । এই ঘটনাত দুগৰাকী মহিলা আৰক্ষী কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আহত আৰক্ষী কৰ্মী সকলক সমূদায় স্বাস্থ্য় কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।
ইতিমধ্য়ে এই শিল নিক্ষেপ ঘটনাত আৰক্ষীয়ে 150 জনতকৈ অধিক লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বিপৰীতে 5 জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, অতিৰিক্ত আৰক্ষী অধীক্ষক পূৰৱীয়ে জানিবলৈ দিয়া অনুসৰি, লোকজনে চিপ লৈ আত্মহত্যা কৰিছিল ৷