অসম

assam

By

Published : Jun 10, 2020, 1:27 PM IST

ETV Bharat / bharat

ৰাজস্থানত নিয়ন্ত্ৰণলৈ আহিছে ফৰিং আতংক

ক্ৰমাৎ শস্য ধ্বংসকাৰী ফৰিং আতংক পৰা ৰেহাই পাইছে ৰাজস্থানৰ আজমেৰ জিলাই । আজমেৰত পূৰ্বে ফৰিং খেদিবলৈ স্থানীয় কৃষিজীৱি ৰাইজে বাছন-বৰ্তন বজোৱা প্ৰত্যক্ষ কৰা হৈছিল যদিও মঙলবাৰৰ পৰা হ্ৰাস পাইছে ফৰিং ত্ৰাস ।

ৰাজস্থান
ৰাজস্থানত হ্ৰাস পাইছে ফৰিং আতংক

নিউজ ডেস্ক, ১০ জুনঃ ৰাজস্থানৰ আজমেৰত মঙলবাৰে বাছন-বৰ্তন বজোৱা সলনি নিজ-নিজ ঘৰত বাছন ধুৱা প্ৰত্যক্ষ কৰিবলৈ পোৱা গ'ল । বিগত কিছুদিন ধৰি ৰাজস্থানৰ বহু অঞ্চলত শস্য ধ্বংসকাৰী ফৰিং ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে বাছন-বৰ্তন বজাই ফৰিং খেদাৰ চেষ্টা কৰিছিল যদিও মঙলবাৰৰ পৰা কিছু পৰিমাণে হ্ৰাস পাইছে ফৰিং আতংক ।

ৰাজস্থানত হ্ৰাস পাইছে ফৰিং আতংক

আনহাতে, ৰাজস্থান কৃষি বিভাগে বিগত ৭ জুনত ১৪,৮০৮৫৮ হেক্টৰ কৃষিভূমিৰ পৰিদৰ্শন কৰাৰ পাচত ৰাজস্থানৰ মুঠ ৩৮৩ টা ভিন্ন ঠাইৰ পৰা ১১,৬০৯১ হেক্টৰ মাটিত শস্য ধ্বংসকাৰী ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰে ।

প্ৰথম অৱস্থাত ৰাজস্থানৰ জেছলমিৰ আৰু শ্ৰীগংগানগৰ জিলাত প্ৰথম ফৰিং আক্ৰমণ আৰম্ভ হৈছিল যদিও শেষত ৩০ মে'ত অলবৰ জিলাত প্ৰত্যক্ষ কৰা হয় ফৰিং আতংক ।

ABOUT THE AUTHOR

...view details