নিউজ ডেস্ক, 26 জুলাইঃকৰ্ণাটকৰ কুমাৰস্বামী নেতৃত্বাধীন চৰকাৰৰ পতনৰ কিছু দিন পিছতে শুকুৰবাৰে চতুৰ্থবাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে য়েডিয়ুৰাপ্পাই । ৰাজভৱনত ৰাজ্যপাল বিজুভাই বালাই শপত বাক্য পাঠ কৰাই য়েডিয়ুৰাপ্পাক৷ শপতগ্ৰহণ কৰিয়েই য়েডিয়ুৰাপ্পাই কয় যিহেতু তেওঁ বিৰোধী দলৰ নেতা সেয়ে নেতা নিৰ্বাচন কৰাৰ বাবে শাসনাধিস্থ দল উপস্থিত থকা উচিত ৷
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ বি এচ য়েডিয়ুৰাপ্পাৰ - etv bharat
শপতগ্ৰহণ কৰিয়েই য়েডিয়ুৰাপ্পাই কয় যিহেতু তেওঁ বিৰোধী দলৰ নেতা সেয়ে নেতা নিৰ্বাচন কৰাৰ বাবে শাসনাধিস্থ দল উপস্থিত থকা উচিত ৷
বি এচ য়েডিয়ুৰাপ্পা
উল্লেখ্য যে ৩১ জুলাইত সন্মুখীন হ'বলগীয়া কৰ্ণাটক বিধানসভাৰ আস্থা ভোটত য়েডিয়ুৰাপ্পা চৰকাৰ ১০১ শতাংশ জয়ী হ’ব বুলি মন্তব্য কৰে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীজনে৷ ইয়াৰোপৰি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কুমাৰস্বামী আৰু সিদ্ধাৰমেয়াৰলৈ ব্যক্তিগতভাৱে আমন্ত্ৰণপত্ৰ প্ৰেৰণ কৰাৰ কথাও উল্লেখ কৰে য়েডিয়ুৰাপ্পাই ৷