তাজমহল দৰ্শনৰ অন্তত দিল্লী অভিমুখে উৰা মাৰিলে ড'নাল্ড ট্ৰাম্প, মেলেনিয়া ট্ৰাম্প, ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰে ৷ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ট্ৰাম্পক উপহাৰ হিচাপে প্ৰদান কৰে তাজমহলৰ এখন ছবি ৷ নিশাটো দিল্লীতে কটাব ট্ৰাম্প পৰিয়ালে ৷ মঙলবাৰে পুৱা 10 বজাত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷
ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ প্ৰতি মুহূৰ্তৰ খবৰ LIVE - মোডীক প্ৰসংশা ট্ৰাম্পৰ
18:47 February 24
দিল্লী অভিমুখে যাত্ৰা ট্ৰাম্পৰ
17:30 February 24
দৰ্শনাৰ্থীৰ টোকাত কি লিখিলে ট্ৰাম্পে
দৰ্শনাৰ্থীৰ টোকাত কি লিখিলে ট্ৰাম্পে ৷
17:24 February 24
তাজমহলত ট্ৰাম্প তনয়া ইভাংকা
তাজমহলত ট্ৰাম তনয়া ইভাংকা ৷ লগত আছে ট্ৰাম্পৰ জোঁৱাই ৷ খোজকাঢ়ি তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিলে ইভাংকাই ৷
17:17 February 24
তাজমহলৰ সন্মুখত ৰৈ ফটোৰ বাবে প'জ দিলে ট্ৰাম্প দম্পতীয়ে
তাজমহলৰ সন্মুখত ৰৈ ফটোৰ বাবে প'জ দিলে ট্ৰাম্প দম্পতীয়ে ৷ তাজমহলত ট্ৰাম্পে লিখিলে দৰ্শনাৰ্থীৰ টোকা ৷ পদব্ৰজে তাজমহলৰ চৌপাশ ভ্ৰমণ ট্ৰাম্পৰ ৷
17:08 February 24
তাজমহলত দৰ্শনাৰ্থীৰ টোকা লিখিলে ট্ৰাম্পে
তাজমহলত ট্ৰাম্পে লিখিলে দৰ্শনাৰ্থীৰ টোকা ৷ পদব্ৰজে তাজমহলৰ চৌপাশ ভ্ৰমণ ট্ৰাম্পৰ ৷
17:05 February 24
তাজমহলত ট্ৰাম্প দম্পতী
তাজমহলত ট্ৰাম্প দম্পতী ৷ এইদৰে ফটোৰ বাবে প'জ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু মাৰ্কিন ফাৰ্ষ্ট লেডীয়ে ৷
17:01 February 24
তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প
তাজমহলত উপস্থিত ড'নাল্ড ট্ৰাম্প আৰু মেলেনিয়া ট্ৰাম্প ৷
16:41 February 24
তাজমহল অভিমুখে ট্ৰাম্প !
তাজমহল অভিমুখে ৰাওনা মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ৷ লগত আছে পত্নী মেলেনিয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্প আৰু জাৰেদ কুছনাৰ ৷
16:25 February 24
ড'নাল্ড ট্ৰাম্পক আদৰিলে যোগী আদিত্য নাথে
আগ্ৰাত উপস্থিত হ'ল সপত্নীক মাৰ্কিন ৰাষ্ট্ৰপতি ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আদৰণি জনায় ড'নাল্ড ট্ৰাম্পক ৷ তাজমহল দৰ্শন কৰিব ট্ৰাম্পে ৷
16:14 February 24
আগ্ৰাত উপস্থিত ট্ৰাম্প দম্পতী
ভাৰত ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে আগ্ৰাত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু পত্নী তথা ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্প ৷ তাজমহল দৰ্শন কৰিব ট্ৰাম্প দম্পতীয়ে ৷
15:04 February 24
আগ্ৰা অভিমুখে ৰাওনা ট্ৰাম্প দম্পতী
আহমেদাবাদ ত্যাগ কৰিলে ড'নাল্ড ট্ৰাম্প আৰু মিলেনিয়া ট্ৰাম্পে ৷ আহমেদাবাদৰ পৰা আগ্ৰা অভিমুখে ৰাওনা হৈছে ট্ৰাম্প দম্পতী ৷ কিছু সময় আগ্ৰাত তাজমহল দৰ্শন কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ৷
14:49 February 24
নৰেন্দ্ৰ মোডীক প্ৰসংশা ড'নাল্ড ট্ৰাম্পৰ
মোডীক প্ৰসংশা কৰি ট্ৰাম্পে কয় যে, মোডীয়ে প্ৰথমে চাহ বিক্ৰী কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায় ৷ মই কওঁ যে, তেওঁ অতি কঠিন ৷ প্ৰধানমন্ত্ৰী মোডী কেৱল গুজৰাটৰ গৌৰৱ নহয়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ভাৰতীয়ই যিকোনো কাৰ্য সাধন কৰিব পাৰে তাৰ আপুনি জীৱন্ত সাক্ষী ৷ প্ৰধানমন্ত্ৰী মোডী হৈছে শুভ উত্থানৰ এক জীৱন্ত কাহিনী ৷
14:32 February 24
130 কোটি মানুহে নৱ ভাৰত নিৰ্মাণ কৰিছে : মোডী
নৰেন্দ্ৰ মোডী :আজি 130 কোটি মানুহে নৱ ভাৰত নিৰ্মাণ কৰিছে ৷ আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামেই নাই, ভাৰতে পৃথিৱীৰ সৰ্ববৃহৎ স্বাস্থ্য বীমাও চলাই আছে ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ চ'লাৰ পাৰ্কেই নিৰ্মাণ হোৱা নাই, সৰ্ববৃহৎ স্বচ্ছতাৰ অভিযানো চলি আছে ৷ ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ নতুন অধ্যায়ৰ সূচনা কৰিলে ৷
14:02 February 24
ম'টেৰাত ড'নাল্ড ট্ৰাম্পৰ বক্তব্য
ড'নাল্ড ট্ৰাম্প : আমেৰিকাই ভাৰতক ভালপায়, সন্মান কৰে আৰু আমেৰিকা সদায় ভাৰতৰ প্ৰতি দয়ালু,বিশ্বাসী আৰু বন্ধু হৈ থাকিব ৷ 5 মাহ আগতে আমেৰিকাই এখন ফুটবল ষ্টেডিয়াম উদ্বোধন কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল ৷ আজি ভাৰতে মোক বিশ্বৰ বৃহৎ ষ্টেডিয়ামখন উদ্বোধন কৰিবলৈ দিছে ৷ এই উল্লেখনীয় আতিথ্য আমি সদায় মনত ৰাখিম ৷ ভাৰতে আমাৰ হৃদয়ত বিশেষ স্থান অধিকাৰ কৰি আছে ৷ মোডীয়ে প্ৰথমে চাহ বিক্ৰী কৰিছিল ৷ সকলোৱে তেওঁক ভাল পায় ৷ মই কওঁ যে, তেওঁ অতি কঠিন ৷ প্ৰধানমন্ত্ৰী মোডী কেৱল গুজৰাটৰ গৌৰৱ নহয়, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেৰে ভাৰতীয়ই যিকোনো কাৰ্য সাধন কৰিব পাৰে তাৰ আপুনি জীৱন্ত সাক্ষী ৷ প্ৰধানমন্ত্ৰী মোডী হৈছে শুভ উত্থানৰ এক জীৱন্ত কাহিনী ৷
সমগ্ৰ পৃথিৱীৰ মানুহে বলীউডৰ চিনেমা উপভোগ কৰি ভালপায় ৷ ভাঙৰা আৰু শাস্ত্ৰীয় ছবি যেনে ডি ডি এল জে আৰু চোলে ৷ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ প্ৰসংগও উল্লেখ কৰে ট্ৰাম্পে ৷ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাই ভাৰতক শক্তিশালী অস্ত্ৰ যোগান ধৰিব ৷
দুয়োখন দেশেই উগ্ৰ ইচলামিক মৌলবাদৰ বিৰোধিতা কৰে ৷ মোৰ নেতৃত্বত আমেৰিকান মিলিটেৰীয়ে আইচিচ ধ্বংস কৰিছে ৷ বাগদাদীকো হত্যা কৰা হৈছে ৷
মই জনাবলৈ পাই সুখী হৈছো যে, আমাৰ প্ৰতিনিধিয়ে 3 বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তিত স্বাক্ষৰ কৰিব ৷ যাৰ দ্বাৰা মিলিটেৰী হেলিকপ্টাৰ আৰু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ভাৰতীয় সেনাক যোগান ধৰা হ'ব ৷
পাকিস্তানৰ সৈতে আমাৰ সম্পৰ্ক যঠেষ্ট ভাল ৷ এই পদক্ষেপক ধন্যবাদ জনায় আমি পাকিস্তানৰ সৈতে সম্পৰ্ক অধিক গাঢ় হোৱাতো বিচাৰো ৷ দক্ষিণ এছিয়াৰ দেশ সমূহত অধিক শান্তি, আৰু সমতা স্থাপন হোৱাতো বিচাৰোঁ ৷
13:57 February 24
ড'নাল্ড ট্ৰাম্পক সম্বোধন মোডীৰ
এই অনুষ্ঠানৰ নাম "নমস্তে ট্ৰাম" ৷ ইয়াৰ অৰ্থ অতি তাৎপৰ্যপূৰ্ণ ৷ পৃথিৱীৰ প্ৰাটীনতম ভাষা সংস্কৃতৰ শব্দ এইয়া ৷ ইয়াৰ অৰ্থ কেৱল ব্যক্তিগৰাকীক নহয়, তেখেতৰ ভিতৰত নীহিত বিভিন্নতাক প্ৰণাম জনোৱা ৷
ট্ৰাম্পৰ এই যাত্ৰাই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ নতুন অধ্যায়ৰ সূচনা কৰিলে ৷ এনে এক অধ্যায় যি আমেৰিকা আৰু ভাৰতৰ লোকৰ উন্নয়ন আৰু প্ৰগতিৰ নতুন দস্তাবেজ নিৰ্মাণ কৰিব ৷
13:35 February 24
ম'টেৰাত উপস্থিত ট্ৰাম্পৰ কন্যা ইভাংকা
ম'টেৰা ষ্টেডিয়ামত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড্ৰ'নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ৷ "নমস্তে ট্ৰাম্প" অনুষ্ঠানত অংশ ল'ব ড'নাল্ড ট্ৰাম্প আৰু পত্নী মিলেনীয়া ট্ৰাম সহিতে জী-জোঁৱাইয়ে ৷
13:27 February 24
লোকে লোকাৰণ্য হৈ পৰিছে ম'টেৰা ষ্টেডিয়াম
লোকে লোকাৰণ্য হৈ পৰিছে ম'টেৰা ষ্টেডিয়াম ৷ ক্ষন্তেক পাচতে ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু ৰাজ্যপাল আচাৰ্য দেৱব্ৰত ৷
13:10 February 24
ক্ষন্তেক পাচতে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখনত বক্তব্য ৰাখিব ট্ৰাম্পে
ক্ষন্তেক পাচতে ড'নাল্ড ট্ৰাম্পে উদ্বোধন কৰিব চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷
12:56 February 24
ম'টেৰা ষ্টেডিয়ামত উপস্থিত ড্ৰ'নাল্ড ট্ৰাম্প
ম'টেৰা ষ্টেডিয়ামত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহিতে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷
12:52 February 24
সৱৰমতি আশ্ৰমৰ পৰা ম'টেৰা অভিমুখে যাত্ৰা ট্ৰাম্পৰ
সৱৰমতি আশ্ৰম ত্যাগ ড'নাল্ড ট্ৰাম্পৰ ৷ পোনে পোনে যাত্ৰা কৰিছে ম'টেৰা ষ্টেডিয়ামলৈ ৷ ম'টেৰাত নিৰ্মাণ কৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰিব ট্ৰাম্পে ৷ ইয়াৰ লগতে 'নমস্তে ট্ৰাম্প' শীৰ্ষক অনুষ্ঠানত ভাষণ প্ৰদান কৰিব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ ইতিমধ্যে লক্ষাধিক লোকে ভৰি পৰিছে চৰ্দাৰ বল্লভ ভাই পেটেল ষ্টেডিয়াম ৷
12:46 February 24
সৱৰমতি আশ্ৰমত ট্ৰাম্পে লিখিলে পৰিদৰ্শন টোকা
সৱৰমতি আশ্ৰম পৰিদৰ্শনৰ অন্তত এটি টোকা লিখিলে ট্ৰাম্প দম্পতীয়ে ৷ গান্ধীজীৰ আলোকচিত্ৰ. যঁতৰ, তিনিটা বান্দৰ আদি বিভিন্ন সম্পদ পৰিদৰ্শন কৰিলে ট্ৰাম্পে ৷
12:35 February 24
সৱৰমতি আশ্ৰমত যঁতৰেৰে সূতা কাটিলে ট্ৰাম্পে
সৱৰমতি আশ্ৰমত যঁতৰেৰে সূতা কাটিলে ট্ৰাম্পে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে এফালৰ পৰা গান্ধীজীৰ স্মৃতি বিজড়িত সম্পদ সমূহ প্ৰত্যক্ষ কৰাইছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ৷
12:27 February 24
সৱৰমতি আশ্ৰমত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি
সৱৰমতি আশ্ৰমত উপস্থিত হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ নৰেন্দ্ৰ মোডী সহিতে কিছুপৰ আশ্ৰমত কটাব ট্ৰাম্পে ৷ তাৰ পৰা ম'টেৰা ষ্টেডিয়ামলৈ যাব ৰাষ্ট্ৰপতিগৰাকী ৷
12:14 February 24
সৱৰমতি আশ্ৰমলৈ মোডী-ট্ৰাম্প
আহমেদাবাদ বিমান বন্দৰৰ পৰা পোনে পোনে সৱৰমতি আশ্ৰমলৈ যাত্ৰা কৰিছে ট্ৰাম্প দম্পতীয়ে ৷ পত্নী মিলেনীয়া ট্ৰাম্পৰ উপৰিও লগত আছে জী-জোঁৱাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সহিতে সৱৰমতি আশ্ৰমত কিছু সময় কটাব ট্ৰাম্পে ৷ পথৰ দুয়োকাষে দেখা গৈছে প্ৰায় 1.5 মিলিয়ন জনতা ৷
11:58 February 24
ড'নাল্ড ট্ৰাম্পক উষ্ম আদৰণি নৰেন্দ্ৰ মোডীৰ
বিমান বন্দৰত ট্ৰাম্পক আলিংগন মোডীৰ ৷ গুজৰাটৰ থলুৱা নৃত্যৰে আদৰণি মাৰ্কিন ৰাষ্ট্ৰপতিক ৷ বিমান বন্দৰৰ পৰা সৱৰমতী আশ্ৰমলৈ যাব ট্ৰাম্প ৷
11:42 February 24
ভাৰতত উপস্থিত ট্ৰাম্প !
ভাৰতত পদাৰ্পণ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ ট্ৰাম্পৰ লগত আহিছে পত্নী তথা ফাৰ্ষ্ট লেডী মিলেনীয়া ট্ৰাম্প আৰি জী-জোঁৱাই ৷ ট্ৰাম্পক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত নৰেন্দ্ৰ মোডী ৷
11:36 February 24
ট্ৰাম্পক সম্ভাষণ জনায় মোডীয়ে লিখিলে "অতিথি দেৱো ভৱঃ"
ড'নাল্ড ট্ৰাম্পে হিন্দী ভাষাত কৰা টুইটৰ প্ৰত্যুত্তৰ দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ প্ৰতি উত্তৰত মোডীয়ে লিখিলে "অতিথি দেৱো ভৱঃ" ৷
11:08 February 24
ম'টেৰাত উপস্থিত সৌৰভ গাংগুলী
ইতিমধ্যে ম'টেৰাত উপস্থিত হৈছে বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী ৷ লোকে অজস্ৰ লোকেৰে ভৰি পৰিছে ষ্টেডিয়াম ৷
10:54 February 24
ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ গুজৰাটত ব্যাপক উচাহ
ড'নাল্ড আগমনৰ বাবে গুজৰাটত আহমেদাবাদ বিমান বন্দৰৰ সমীপত এদৰে নৃত্য কৰা দেখা গৈছে একাংশ ছাত্ৰ-ছাত্ৰীক ৷
10:26 February 24
হিন্দীতে টুইট কৰিলে ট্ৰাম্পে
দিনৰ 11 বাজি 40 মিনিটত আহমেদাবাদত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প৷ ইয়াৰ পাছতে সৱৰমতি আশ্ৰম পৰিভ্ৰমণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিক আদৰিবলৈ আহমেদাবাদত পূৰ্ণ প্ৰস্তুতি ৷ ম'টেৰা ষ্টেডিয়ামৰ বাহিৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী ৷ আহমেদাবাদত 'নমস্তে ট্ৰাম্প' অনুষ্ঠানত অংশগ্ৰহণ কৰিব ট্ৰাম্পে ৷
ইতিমধ্যে আৰম্ভ হৈছে ম'টেৰা ষ্টেডিয়ামত দৰ্শকৰ প্ৰৱেশ ৷ সমান্তৰালভাৱে ৰাজধানী চহৰ দিল্লীতো ট্ৰাম্পৰ আগমনক লৈ দেখা পোৱা গৈছে ব্যাপক তৎপৰতা ৷ পথৰ দুয়োকাষে দেখা গৈছে ভাৰত আৰু আমেৰিকাৰ পতাকাৰ লগতে ড্ৰ'নাল্ড ট্ৰাম্প আৰু মিলেনিয়া ট্ৰাম্পৰ হৰ্ডিং ৷
ম'টেৰা ষ্টেডিয়ামৰ সমান্তৰালকৈ সৱৰমতি আশ্ৰমৰ চৌপাশে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ স্নিফাৰ ডগেৰে নিৰীক্ষণ অব্যাহত ৰাখিছে প্ৰশাসনে ৷
সৱৰমতি আশ্ৰমৰ সমীপত ড'নাল্ড ট্ৰাম্পক আদৰিবলৈ সাজু Sola Bhagwat বিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীসকল ৷ হাতে হাতে ভাৰত আৰু আমেৰিকাৰ পতাকা লৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক স্বাগতম জনাবলৈ সাজু এইসকল ছাত্ৰ-ছাত্ৰী ৷ আহমেদাবাদত 3 ঘণ্টা কটোৱাৰ পাছত বিয়লি 3.30 বজাত আগ্ৰালৈ উৰা মাৰিব ট্ৰাম্প ৷
নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহমেদাবাদত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ইফালে ভাৰতত উপস্থিত হোৱাৰ পূৰ্বে টুইটযোগে"Hum Bharat aane ke liye tatpar hain. Hum raaste mein hain, kuch hi ghanton mein hum sabse milenge."বুলি মন্তব্য ড'নাল্ড ট্ৰাম্পৰ ৷