নিউজ ডেস্ক, ২৮ জুনঃআজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি নৰসিমহা ৰাওৰ জন্মজয়ন্তী । দেশৰ উন্নতি, সাৰ্বজনীন নীতি আৰু প্ৰশাসনৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে তেখেতক "আধুনিক চাণক্য" বুলি অভিহিত কৰা হয় । তেখেতৰ জন্মজয়ন্তীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ লগতে বহুকেইগৰাকী ৰাজনৈতিক নেতাই ভাৰতৰ মহান প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে ।
প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিমহা ৰাওক স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুই কয় যে, "দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰ্থনৈতিক সংস্কাৰ সাধনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ।" উপ-ৰাষ্ট্ৰপতিয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে নৰসিমহা ৰাৱে সেই সময়ত দেশৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই সন্দৰ্ভত উল্লেখ কৰে । তেখেতে 'লাইচেঞ্চ ৰাজ' (license raj)ৰ অধীনত থকা নিষেধাজ্ঞাসমূহ বাতিল কৰা, 'ৰেড টেপ' হ্ৰাস কৰি ভাৰতীয় উদ্যোগসমূহক আৰু অধিক প্ৰতিযোগিতামূলক কৰাৰ চেষ্টা কৰিছিল বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে উপৰাষ্ট্ৰপতিয়ে । তদুপৰি, তেখেতে বাণিজ্যিক উদাৰীকৰণ আৰু বৈশ্বিক অৰ্থব্যৱস্থা, বিশেষকৈ পূৱ এচিয়ান অৰ্থব্যৱস্থাৰ সৈতে ভাৰতীয় অৰ্থব্যৱস্থাৰ পুনঃ একত্ৰীকৰণৰ বাবে ভেটি স্থাপন কৰিছিল ৷ ভেংকায়া নাইডুৱে উল্লেখ কৰা অনুসৰি বিশ্বব্যাপী সংহত উন্নয়নৰ নতুন পথ সূচনা কৰাৰ বাবে তেখেত আছিল পৰৱৰ্তী চৰকাৰসমূহৰ দিশ নিৰ্দেশক । নৰসিমহা ৰাৱে সংকটক সদায় এক সুযোগলৈ পৰিণত কৰিব বিচাৰিছিল বুলি নাইডুৱে উল্লেখ কৰে । ভাৰতত GDP বৃদ্ধি আৰু দেশৰ অৰ্থনৈতিক উত্থানৰ বাবে নৰসিমহা ৰাৱৰ অৱদান উল্লেখনীয় । নৰসিমহা ৰাৱৰ পাছত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেশৰ অৰ্থনৈতিক সংস্কাৰৰ গতি তৰান্বিত কৰাৰ লগতে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সংস্কাৰসমূহক বাস্তবায়িত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি ভেংকায়া নাইডুৱে উল্লেখ কৰে ।