নিউজ ডেস্ক, ৩ জুনঃ কিছুদিন পূৰ্বে পশ্চিম বংগ আৰু উৰিষ্যাত ঘূৰ্ণীবতাহ 'আম্ফানে' কালৰূপ ধৰাৰ পাচত এতিয়া মহাৰাষ্ট্ৰবাসীৰ বাবে শংকাৰ কাৰণ হৈছে সাগৰীয় ঘূৰ্ণীবতাহ 'নিসৰ্গ' । মহাৰাষ্ট্ৰৰ মুম্বাই ৰাজগড় জিলাৰ অলীবাগকে ধৰি উপকূলীয় অঞ্চলত বুধবাৰে পুৱা প্ৰায় ৫:30 বজাত ঘূৰ্ণীবতাহ 'নিসৰ্গ'ই ঘণ্টাত ১২০ কিল'মিটাৰ বেগত খুন্দা মৰাৰ আশংকা কৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ।
মহাৰাষ্ট্ৰত ১২০ কিল'মিটাৰ বেগত ঘূৰ্ণীবতাহ 'নিসৰ্গ' - মহাৰাষ্ট্ৰ
ঘূৰ্ণীবতাহ 'আম্ফান'ৰ পাচত মহাৰাষ্ট্ৰত এতিয়া 'নিসৰ্গ'ৰ আতংক । ৰাজ্যখনত প্ৰায় ১০০ বছৰ পাচত ঘূৰ্ণীবতাহ 'নিসৰ্গ'ই ঘণ্টাত ১২০ কিল'মিটাৰ বেগত খুন্দা মৰাৰ আশংকা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে । আনহাতে, পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ ৩০ টাত কৈ অধিক এন ডি আৰ এফ বাহিনীৰ দল মোতায়েন কৰা হৈছে মুম্বাইত ।
যাৰ পৰিপ্ৰেক্ষিতত ঘূৰ্ণীবতাহ 'নিসৰ্গ' সৈতে মোকাবিলা কৰিবলৈ ৩০ টাতকৈ অধিক এন ডি আৰ এফ বাহিনীৰ দল মোতায়েন কৰা হৈছে মুম্বাইত । তাৰোপৰি পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ উদ্দেশ্যেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰিও ৯৩ জন লাইফ গাৰ্ড, উদ্ধাৰকাৰী নাও আৰু অগ্নিনিৰ্বাপন বাহিনীও মোতায়েন কৰা হৈছে ।
উল্লেখ্য যে, ইতিমধ্যে কৰ'ণা ভাইৰাছে বিৰূপ প্ৰভাৱ পেলেৱা ৰাজ্যখনত প্ৰায় ১০০ বছৰ পাচত অহা ঘূৰ্ণীবতাহ 'নিসৰ্গ'ই মহাৰাষ্ট্ৰ পৰা উত্তৰ-পূব দিশত গতি কৰে । আৰু সন্ধিয়া ভাগলৈ উত্তৰ মহাৰাষ্ট্ৰকে ধৰি দক্ষিণ গুজৰাটৰে পাৰ হৈ যোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান বিভাগে ।