অসম

assam

ETV Bharat / bharat

পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা - Annual Jagannath Rath Yatra in Puri begins

ভাৰতৰ উচ্চতম ন্যায়ালয়ে পুৰীৰ ঐতিহাসিক ভগৱান জগন্নাথ ৰথ যাত্ৰাৰ বাবে অনুমতি দিয়াৰ পিছতে সষ্টম হৈ পৰে ওড়িশা প্ৰশাসন ৷ মঙলবাৰ পৰা আৰম্ভ হোৱা এই বাৰ্ষিক উৎসৱটিৰ সুচাৰু সঞ্চালনৰ বাবে ওড়িশা চৰকাৰে প্ৰশাসনক প্ৰদান কৰে বিশেষ নিৰ্দেশনা ৷শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মু্খ্য প্ৰশাসক কৃষ্ণ কুমাৰে জনোৱা মতে সকলো বিভাগ সুক্ষ্মতাৰে সৈতে সক্ৰিয় হৈ আছে ৷

Annual Jagannath Rath Yatra in Puri begins
পুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা

By

Published : Jun 23, 2020, 1:22 PM IST

নিউজ ডেস্ক,23 জুনঃ আজিৰে পৰা পুৰীত আৰম্ভ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰথ যাত্ৰাৰ বাবে অনুমতি দিয়াৰ পিছতে অধিক সষ্টম হৈ পৰে প্ৰশাসন ব্যৱস্থা ৷

৯ দিনৰ বাবে চলিব ভগৱান জগন্নাথৰ ৰথ যাত্ৰা । ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ পূজা-অৰ্চনাৰে আয়োজন কৰা হয় এই ৰথ যাত্ৰা ।এই ৰথ যাত্ৰাত ভগৱান জগন্নাথক দশাৱতাৰ ৰূপে পূজা কৰা হয় । মন্দিৰৰ জ্যেষ্ঠ সেৱকসকলে জগন্নাথ,বলোভদ্ৰ আৰু সুভদ্ৰাৰ তিনিওখন বিশালকায় ৰথক পূজা কৰি আৰম্ভ কৰে ঐতিহাসিক ৰথ যাত্ৰা ৷

বিগত বৰ্ষৰ জগন্নাথ ৰথযাত্ৰা

The Archaeological Survey of India (ASI) কমিটীৰ দ্বাৰা তিনিওখন কাঠৰ ৰথ সুৰক্ষিত হয়নে তাক নিৰীক্ষণ কৰা হয় ৷পৰম্পৰা অনুসৰি 'Agya mala' গ্ৰহণৰ পিছতে ৰথ তিনিওখন টনা হয় সেৱকৰ দ্বাৰা ৷

জনাই থওঁ যে,উচ্চতম ন্যায়ালয়ে COVID-19ৰ গাইড লাইনৰ মাজেৰে এই ৰথ যাত্ৰা উলিওৱাৰ বাবে অনুমতি প্ৰদান কৰিছে।

এই বৰ্ষৰ জগন্নাথ ৰথ যাত্ৰা

লগতে ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হয় যে, যদি ৰথ যাত্ৰাৰ সময়ত পৰিস্থিতি বেয়া হয় তেন্তে ওড়িশা চৰকাৰে এই ৰথ যাত্ৰা বন্ধ কৰিব পাৰিব ।

লগতে চাওকঃ ওড়িশাৰ পৰা মহাপ্ৰভূ জগন্নাথ মন্দিৰৰ পৰিৱেশ LIVE

ABOUT THE AUTHOR

...view details