নিউজ ডেস্ক, 14 এপ্ৰিলঃ সমগ্ৰ দেশতে লকডাউন পুনৰ বৃদ্ধি কৰি দিয়া হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি 3 মে’লৈকে লকডাউন বৃদ্ধি কৰা কথা প্ৰকাশ কৰিছে ৷ অৱশ্যে দেশত লকডাউন চলি থকাৰ সময়তে বহুকেইখন ৰাজ্যত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কিছু শিথিলতা গ্ৰহণ কৰা হৈছিল ৷ কিন্তু সুৰা বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰে কৰ্নাটক জলসম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ জাৰকিহোলি ৷
কৰ্নাটকত সুৰা বিক্ৰীত বাধা আৰোপ মন্ত্ৰীৰ - কৰ্নাটক জলসম্পদ উন্নয়ন মন্ত্ৰী
কৰ্নাটকৰ জলসম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ জাৰকিহোলিয়ে ৰাজ্যখনৰ বেলগাম জিলাত সুৰা বিক্ৰী কৰিবলৈ দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ এক উচ্চ পৰ্যায়ৰ আলোচনাত এই কথা স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্যে যে, দেশত লকডাউন অব্যাহত থকাৰ সময়তে বহুকেইখন ৰাজ্যত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কিছু শিথিলতা গ্ৰহণ কৰা হৈছিল ৷
লকডাউনৰ সময়ত ৰাজ্যখনৰ বেলগাম জিলাত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কোনোধৰণৰ শিথিলতা প্ৰদান কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যখনৰ Mysore Sales International Limited (MSIL) নামৰ প্ৰতিষ্ঠানটোক সুৰা বিক্ৰী কৰিবলৈ অনুমতি প্ৰদান কৰা হ’ব বুলি চৰকাৰে প্ৰকাশ কৰা মন্তব্যৰ পিচতেই এইদৰে কঠোৰ হৈ পৰে মন্ত্ৰীগৰাকী ৷ এই বিষয়ে তেওঁ মুখ্যমন্ত্ৰী বিএছ য়েদিয়ুৰাপ্পাৰ সৈতে আলোচনাটো মিলিত হয় ৷
এক উচ্চ পৰ্যায়ৰ সভাত এই কথা স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ তবলিগী জামাতত অংশগ্ৰহণ কৰা মুছলমান ভাইসকলৰ স্বাস্থ্য পৰীক্ষা কৰাটো সুৰা বিক্ৰীতকৈ অধিক গুৰুত্বপূৰ্ণ বুলি কৈ এইদৰে সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ হৈ পৰে মন্ত্ৰীগৰাকী ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যখনত 232 গৰাকী COVID-19 আক্ৰান্ত ব্যক্তি পোৱা গৈছে ৷