অসম

assam

ETV Bharat / bharat

জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্ত লেফেটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ৰাণা প্ৰতাপ কলিতা জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্তি পোৱা অসমৰ প্ৰথমগৰাকী লেফটেনেন্ট হিচাপে পৰিগণিত হৈছে ৷ কলিতা গোৱালপাৰা সৈনিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল ৷

Lieutenant General Rana Pratap Kalita has been appointed as the GOC 3 Corps
জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্ত লেফেটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা

By

Published : Feb 9, 2020, 10:48 AM IST

নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰীঃলেফেটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্তি প্ৰদান কৰা হয় ৷ এল.জি কলিতা ইতিমধ্যে কলকাতাস্থিত ইষ্টাৰ্ণ কামাণ্ড অফ আৰ্মীৰ চীফ অফ ষ্টাফ হিচাপে কৰ্মৰত ৷ কলিতা জিঅ’চি 3 কৰ্পচ হিচাপে নিযুক্তি পোৱা অসমৰ প্ৰথমগৰাকী লেফটেনেন্ট হিচাপে পৰিগণিত হৈছে ৷ কলিতা গোৱালপাৰা সৈনিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল ৷ তেওঁ সামৰিক সেৱাৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইতিমধ্যেই‘সেনা মেডেল’আৰু ‘বিশিষ্ট সেৱা মেডেলেৰে’ সন্মানিত হৈছে ৷

ইয়াৰোপৰি তেওঁ সন্মানীয় ‘অতি বিশিষ্ট সেৱা মেডেলে’ৰেও সন্মানিত হৈছে ৷ তেওঁ জম্মু আৰু কাশ্মীৰৰ বাৰামুল্লাৰ XIX ইনফেন্টৰি ডিভিজনৰ জেনেৰেল কামাণ্ডিং অফিচাৰ হৈ থকা সময়ত এই সন্মান প্ৰদান কৰা হৈছিল ৷ তেওঁ উৰি আক্ৰমণৰ সময়ত জিঅ’চি হিচাপে কৰ্মৰত আছিল ৷ অসমৰ ৰঙিয়াত জন্মগ্ৰহণ কৰা ৰাণা প্ৰতাপ কলিতা সেই অঞ্চলৰ বিশিষ্ট শিক্ষক যোগেন্দ্ৰ কলিতা আৰু ৰেণু কলিতাৰ পুত্ৰ ৷

দেশৰ শীৰ্ষ আৰ্মী বিষয়া কলিতা 1984 চনত 9 কুমাৱন ৰেজিমেন্টৰ বিষয়া আছিল ৷ আনহাতে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ শেষকৃত্যৰ কাৰ্যসূচীৰ মুখ্য দায়িত্বত আছিল ৷ ইয়াৰোপৰি কলিতা কাশ্মীৰত 13 ৰাষ্ট্ৰীয় ৰাইফলছ, লক্ষ্ণৌত 71 ইন্ফেন্ট্ৰি ব্ৰীগেড আৰু শ্ৰীনগৰৰ গুৰুত্বপূৰ্ণ XV Core ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷

উল্লেখ্য যে লেফেটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক দুবাৰকৈ ৰাষ্ট্ৰসংঘৰ সেনা বিষয়াৰূপেও নিযুক্ত কৰা হৈছে ৷

লগতে চাওঁকঃনগা শান্তি চুক্তি : ৰাজ্য চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী বিৰোধী দলৰ

ABOUT THE AUTHOR

...view details