নিউজ ডেস্ক, 3 জুনঃ দক্ষিণ কোৰিয়াৰ সংস্থা এলজি পলিমাৰ ইণ্ডিয়াক বিশাখাপট্টনমত সংঘটিত গেছ নিৰ্গমণ ঘটনাৰ বাবে দায়ী বুলি কৈছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷ গেছ নিৰ্গমণৰ ফলত নিহত হোৱা লোক আৰু পৰিৱেশৰ ক্ষতিৰ বাবে ইয়াৰ ক্ষতিপূৰণ হিচাপে সংস্থাটোক 50 কোটি টকা জৰিমনা বিহিবলৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰালয়ক নিৰ্দেশ প্ৰদান কৰিছে ৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তিনিগৰাকী প্ৰতিনিধিৰ লগতে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু পৰিৱেশ মন্ত্ৰালয়ৰ চাৰিগৰাকী প্ৰতিনিধিৰ দ্বাৰা গঠিত কমিটীখনক এইদৰে নিৰ্দেশনা প্ৰদান কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ৷
ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে কয় যে,জৰিমনাৰ অন্তিম ৰাশি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড আৰু ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা সংস্থাৰ দ্বাৰা গঠিত সংযুক্ত কমিটীয়ে নিৰ্ধাৰণ কৰিব ৷ অৰ্থাৎ এলজি পলিমাৰ ইণ্ডিয়াক জাপি দিয়া 50 কোটি জৰিমনা আৰু অধিক বৃদ্ধি পাব পাৰে ৷