অসম

assam

ETV Bharat / bharat

প্লাষ্টিক বেগ ব্যৱহাৰ নকৰিবলৈ আহ্বান বন,পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ - প্লাষ্টিক বেগৰ বিকল্প

আমাৰ চৌপাশে প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে ২০১৭ চনৰ ৩ জুলাইত প্লাষ্টিক বেগ বৰ্জনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ এই দিনটোৰ জৰিয়তে সমগ্ৰ বিশ্বতেই "প্লাষ্টিক বিহীন এখন পৃথিৱী সম্ভৱ" এই বাৰ্তা প্ৰচাৰৰ চেষ্টা কৰা হয় ৷

বন,পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়
"Let us take a pledge to reduce the use of plastic bags", MoEF&CC

By

Published : Jul 3, 2020, 9:17 PM IST

নিউজ ডেস্ক, ৩ জুলাই : আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱসৰ দিনটোতে বন,পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে (MoEF&CC) আমি সকলোৱে প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰাৰ সংকল্প গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। সকলো ক্ষেত্ৰতে আমি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰো যদিও এই বেগসমূহে খাদ্য, পানী, ভূমি আদি সকলোতে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰে। প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক । সেয়ে আমি সকলোৱে একত্ৰিত হৈ অধিক উন্নত পৰিৱেশ গঢ়ি তোলাৰ বাবে কাম কৰিব লাগে বুলি বন, পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে টুইটাৰযোগে উল্লেখ কৰে।

আমি সকলোৱে প্লাষ্টিক বেগ ব্যৱহাৰ নকৰাৰ সংকল্প গ্ৰহণ কৰো আহক

আমাৰ চৌপাশে প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে ২০১৭ চনৰ ৩ জুলাইত প্লাষ্টিক বেগ বৰ্জনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লোৱা হৈছিল ৷ এই দিনটোৰ জৰিয়তে সমগ্ৰ বিশ্বতেই "প্লাষ্টিক বিহীন এখন পৃথিৱীও সম্ভৱ আৰু প্লাষ্টিক বেগৰ বিকল্প আন বেগৰ জৰিয়তেও পূৰণ কৰিব পাৰি" এই বাৰ্তা প্ৰচাৰৰ চেষ্টা কৰা হয় ৷ তদুপৰি আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱসৰ জৰিয়তে সমগ্ৰ বিশ্বত প্লাষ্টিক ব্যৱহাৰৰ ফলত হ'বলগীয়া ক্ষতি সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয়।

প্ৰতি মিনিটত সমগ্ৰ বিশ্বত দহৰ পৰা বিশ লাখ প্লাষ্টিক বেগ ব্যৱহাৰ কৰা হয় আৰু ই সমগ্ৰ বিশ্বক প্ৰদূষিত কৰে ৷ তথ্য অনুসৰি, প্ৰতি বছৰে ১৩০ লাখ টন প্লাষ্টিকে সমূদ্ৰ তলি প্ৰদূষিত কৰে ৷ কিছুমান প্লাষ্টিকে ৰাসায়নিক বিক্ৰিয়া ঘটাই জীৱকূলৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহতা কঢ়িয়াইছে ৷ ইয়াৰ উপৰিও প্লাষ্টিক বেগে ভূ-পৃষ্ঠৰ এক বৃহৎ ক্ষতি সাধন কৰি আহিছে ৷ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ সমূহ পেলাই দিয়াৰ পিচত এক আৱৰ্জনাৰ সৃষ্টি কৰি প্ৰায়েই নদীপৃষ্ঠত জমা হয় আৰু নদীপৃষ্ঠ বাম কৰি পেলায় ৷ ইয়াৰ ফলশ্ৰুতিত বৰষুণৰ ফলত অতি সহজেই বানৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : ২০২১ ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে গোলাঘাট কংগ্ৰেছত খহনীয়া

ABOUT THE AUTHOR

...view details