অসম

assam

ETV Bharat / bharat

ছ'চিয়েল মিডিয়াত কবিতাৰে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি ফাৰহান আখটাৰৰ

সুশান্ত সিং ৰাজপুতৰ সোমবাৰে অন্তিম সৎকাৰ সম্পন্নৰ পাচতে ইষ্টাগ্ৰামত এটি কবিতাৰে অভিনেতাজনক শ্ৰদ্ধাঞ্জলি জনাই বলিউৰ "ভাগ মিলখা ভাগ" ৰ অভিনেতা ফাৰহান আখটাৰে ।

By

Published : Jun 16, 2020, 3:30 PM IST

ফাৰহান আখটাৰ
ছ'চিয়েল মিডিয়াত কবিতাৰে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি ফাৰহান আখটাৰৰ

নিউজ ডেস্ক, ১৬ জুনঃবলিউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ সোমবাৰে অন্তিম সৎকাৰ হৈ যোৱা পাচতে অভিনেতা ফাৰহান আখটাৰে অভিনেতাৰ গৰাকীৰ নামত এটি কবিতা উচৰ্গা কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ১৪ জুনত হতাশাত ভুগি আত্মহত্যা কৰা অভিনেতা জনৰ আত্মাৰ চিৰ শান্তি কামনা কৰে ।

৪৬ বছৰীয়া অভিনেতা ফাৰহানে ইষ্টাগ্ৰামত লিখে যে,"মোৰ মৰমৰ ভাতৃ শুই যোৱা,শগুণবোৰ জমা হ'ব আৰু ঘৰিয়ালবোৰে এনেকৈ চকুপানী উলিয়াবলৈ দিয়া । চাৰ্কছৰ শিল্পীসকলক বাজিগৰী,বিৰোধভাৱ কৰি লঠিয়াই যাবলৈ দিয়া । পুৰুষ সকলৰ হৃদয়ত আন্ধাৰ হ'বলৈ দিয়া । মোৰ ভাতৃ তুমি এতিয়া শুই যোৱা । RIP সুশান্ত ।"

লগতে ভাগ মিলখা ভাগ ছবিৰ অভিনেতা গৰাকীয়ে কেপছনত "সোনকালে গুছি গ'ল" বুলিও উল্লেখ কৰে ।

ছ'চিয়েল মিডিয়াত কবিতাৰে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি ফাৰহান আখটাৰৰ

উল্লেখ্য যে, ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতে ১৪ জুনত চিপজৰী লগাই নিজ বাসগৃহত আত্মহত্যা কৰে । দীৰ্ঘদিনৰ পৰা হতাশাত ভুগি অহাৰ বাবেই অভিনেতাজনে এই চৰম পন্থা বাচনি কৰে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান সদৰি কৰিছে । আনহাতে, অভিনেতা গৰাকীৰ মৃত্যুৰ পাচতে সমগ্ৰ সমগ্ৰ বলিউড জগত তথা অনুৰাগীক মৰ্মাহত কৰে ।

লগতে চাওকঃ জয়ন্ত বৰাৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাঃ মৃতদেহ চমজি নললে পৰিয়ালে

ABOUT THE AUTHOR

...view details