অসম

assam

NIA গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীৰ ব্ৰিটেইন এয়াৰপৰ্ট আক্ৰমণৰ ঘটনাৰে সংযোগ

By

Published : Aug 29, 2020, 8:36 PM IST

2007 চনত এই আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধতো উক্ত সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰো কৰা হৈছিল ৷ বিষয়া সকলে লগতে কয় যে, সন্ত্ৰাসবাদীটো ব্ৰিটেইন এয়াৰপৰ্টত হোৱা আক্ৰমণৰ মাষ্টাৰমাইণ্ড কাফিল আহমদৰ আত্মীয় আছিল ৷

LeT terrorist linked to 2007 UK airport attack mastermind in NIA custody
NIA গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীৰ ব্ৰিটেইন এয়াৰপৰ্ট আক্ৰমণ সংযোগ

নিউজ ডেস্ক, 29 আগষ্ট : 2007 ত গ্লাসগো বিমান বন্দৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত এন আই এয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ তদন্তকাৰী সংস্থাই সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈয়বাৰ এটা আতংকবাদীক ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা অৱস্থাত গ্ৰেপ্তাৰ কৰে ৷ শনিবাৰে এই তথ্য সদৰি কৰে এন আই এৰ শীৰ্ষ বিষয়াই ৷ তদন্তৰ সৈতে জড়িত এন আই এৰ শীৰ্ষ বিষয়াৰ মতে, শাবিল আহমেদক মাজনিশা ভাৰতলৈ অনা হয় ৷ আহমেদক দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ'ব ৷ সন্ত্ৰাসবাদীটোক ট্ৰান্জিট ৰিমাণ্ডত সবিশেষ তদন্তৰ বাবে বাংগালোৰৰ লগতে অন্য কেবাস্থানলৈ লৈ যোৱা হ‘ব ৷

নাম প্ৰকাশ নকৰাৰ চৰ্তত এন আই এৰ এগৰাকী বিষয়াই কয় যে, আহমদে 2010-11 ত বাংগালোৰৰ পৰা ছৌদি আৰৱলৈ গুচি গৈছিল ৷ 2007 চনত এই আক্ৰমণৰ লগত জড়িত থকাৰ অপৰাধত তাক গ্ৰেপ্তাৰো কৰা হৈছিল ৷ বিষয়া সকলে লগতে কয় যে, সন্ত্ৰাসবাদীটো ব্ৰিটেইন এয়াৰপৰ্টত হোৱা আক্ৰমণৰ মাষ্টাৰমাইণ্ড কফিল আহমদৰ আত্মীয় আছিল ৷

লগতে পঢ়ক : IPL-2020 ত নেখেলে CSK ৰ তাৰকা অলৰাউণ্ডাৰ সুৰেশ ৰাইনাই

ABOUT THE AUTHOR

...view details