অসম

assam

ETV Bharat / bharat

ৰাজ্যসভাৰ সদস্য পদ : শপত গ্ৰহণৰ পাচতহে জনাব ন্যায়াধীশ ৰঞ্জন গগৈয়ে ! - ৰাজ্যসভা

ৰাজ্যসভাৰ মনোনয়ন লাভ ন্য়ায়াধীশ ৰঞ্জন গগৈৰ ৷ শপত গ্ৰহণৰ পাচতহে মুখ খুলিব বুলি মন্তব্য গগৈৰ ৷

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ
ৰাজ্যসভালৈ মনোনীত ৰঞ্জন গগৈ

By

Published : Mar 17, 2020, 7:50 PM IST

নেশ্যনেল ডেস্ক, 17 মাৰ্চ : উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাজ্যসভালৈ মনোনয়ন লাভ কৰা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷ বহুকেইটা দলে তেওঁৰ ৰাজ্যসভাৰ মনোনয়ন লাভ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰাৰ পাচতে মঙলবাৰে গগৈয়ে কয় যে, উচ্চ সদনৰ বাবে মনোনয়ন গ্ৰহণ কৰা সন্দৰ্ভত তেওঁ শপত গ্ৰহণৰ পাচত বিশদভাৱে জানিবলৈ দিব ৷

গুৱাহাটীস্থিত বাসগৃহত সাংবাদিকৰ সৈতে মত বিনিময় কৰি গগৈয়ে কয়, "কাইলৈ সম্ভৱতঃ মই দিল্লীত উপস্থিত হ'ম ৷" তেওঁ কয়, "প্ৰথমে মোক শপত গ্ৰহণ কৰিবলৈ দিয়ক, ইয়াৰ পাচতে সংবাদ মাধ্যমক জনাম মই কিয় ৰাজ্যসভাৰ মনোনয়ন গ্ৰহণ কৰিছো ৷"

এক গেজেট অধিসূচনাৰ জৰিয়তে সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাজ্যসভাৰ খালী পদ পূৰণৰ বাবে ৰঞ্জন গগৈৰ নাম ৰাজ্যিক পৰিষদত মনোনীত কৰিছিল ৷

গগৈয়ে মনোনয়ন লাভ কৰাৰ পাচতে ৰাজনৈতিক ক্ষেত্ৰত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে ৷ উল্লেখ্য যে, প্ৰায় 13 মাহৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰাৰ পাচতে অৱসৰ গ্ৰহণ কৰিছিল ৰঞ্জন গগৈয়ে৷

তেওঁৰ মনোনয়নক লৈ সৰ্বত্ৰে সমালোচনা সৃষ্টি হোৱাৰ সময়তে এক স্থানীয় চেনেলক তেওঁ কৈছিল, "ৰাষ্ট্ৰ গঠনৰ বাবে বিধানমণ্ডল আৰু ন্যায়পালিকাই একেলগে কাম কৰিব লাগে বুলি থকা ধাৰণাৰ বাবে এই মনোনয়ন গ্ৰহণ কৰিছো ৷"

তেওঁ লগতে কয়, "মোৰ উপস্থিতিৰ জৰিয়তে সংসদত ন্যায়পালিকাৰ দৃষ্টিভংগীসমূহ বিধানমণ্ডলত দাঙি ধৰিবলৈ সক্ষম হ'ম ৷"

"সংসদত এক স্বাধীন কন্ঠ হিচাপে থিয় দিবলৈ ভগৱানে মোক সহায় কৰক ৷ মোৰ বহু ক'বলগা আছে, কিন্তু ইয়াৰ পূৰ্বে মোক শপত গ্ৰহণ কৰিবলৈ দিয়ক আৰু ইয়াৰ পাচতেই মই মুখ খুলিম ৷"

আৰু পঢ়ক : বহিঃৰাজ্যত ধৰ্ষণৰ বলি অসমীয়া যুৱতী

ABOUT THE AUTHOR

...view details