বিগত 25 বছৰে দেশৰ সফল চৰকাৰসমূহে কৃষকসকলৰ সমস্যা নিবাৰণ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ৷ ই এক হৃদয় বিদাৰক এইবাবে যে এওঁলোক আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়েই দেশৰ 135 মিলিয়ন দেশবাসীৰ বাবে খাদ্যৰ যোগান ধৰাৰ লগতে খাদ্যৰ নিশ্চয়তা প্ৰদান কৰে ৷ কিন্তু সাম্প্ৰতিক সময়ত তেওঁলোক আশাহীনতাত ভূগি এক অপমৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হৈ পৰিছে ৷ শেহতীয়াভাৱে ৰাষ্ট্ৰীয় অপৰাধ অনুসন্ধান সংস্থাৰ প্ৰতিবেদন(ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ)ৰ প্ৰকাশিত তথ্যনুসৰি সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত 2016 বৰ্ষত 11,379 গৰাকী কৃষকৰ লগতে পাম কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছে ৷ আত্মহত্যাৰ পথ বাছি লোৱা কৃষকৰ ভিতৰত প্ৰতিদিনে গড়ে 31 জনকৈ আৰু প্ৰতিমাহত 948 গৰাকী কৃষকে আত্মহত্যাৰ পথ গ্ৰহণ কৰে ৷ অৱশ্যে কৃষকৰ আত্মহত্যাৰ সংখ্যা 2014 আৰু 2015 চনৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে ৷ প্ৰাপ্ত তথ্যনুসৰি 2014 বৰ্ষত ইয়াৰ সংখ্যা 12,360 হোৱাৰ বিপৰীতে 2015 ত কৃষক আত্মহত্যাৰ ঘটনা হৈছে 12,602 টা ৷ কৃষকৰ আত্মহননৰ পঞ্জীয়নভুক্ত ঘটনাৰ ফালৰ পৰা বিগত কিছুবছৰ ধৰি মহাৰাষ্ট্ৰই শীৰ্ষস্থান দখল কৰি আহিছে ৷ 2016 চনত ৰাজ্যখনত ইয়াৰ সংখ্যা হৈছে 3,661 ৷ মহাৰাষ্ট্ৰৰ পিছতে ক্ৰমে 2,078 টা ঘটনাৰ সৈতে কৰ্ণাটক,1,321 টাৰ সৈতে মধ্যপ্ৰদেশ আৰু 804 টাকৈ কৃষক আত্মহত্যাৰ ঘটনাৰ সৈতে অন্ধ্ৰ প্ৰদেশে শীৰ্ষ তালিকাত স্থান লাভ কৰিছে ৷ ইফালে প্ৰতিবেদনত প্ৰকাশিত তথ্যনুসৰি কৃষকৰ আত্মহত্যাৰ সংখ্যা 21 শতাংশলৈ হ্ৰাস পাইছে, কিন্তু একে সময়তে পাম কৰ্মীৰ আত্মহত্যাৰ সংখ্যা 10 শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ (ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ,(চমুকৈ এন চি আৰ বি) য়ে তেওঁলোকৰ পূৰ্বৰ প্ৰতিবেদনত কৃষক আত্মহত্যাৰ সন্দৰ্ভত বিশেষ কিছু কাৰণ উল্লেখ কৰিছে ৷ সেইসমূহৰ ভিতৰত- শস্যৰ অনিষ্ট,উপাৰ্জন হেৰুওৱা, ঋণৰ বোজা,পাৰিবাৰিক সমস্যা আৰু শাৰীৰিক পৰিপুষ্টিহীনতা আৰু অসুস্থতাই মূলতঃ কৃষকসকলক আত্মহননৰ বাবে বাধ্য কৰি তোলে ৷ যদিহে ঋণ লোৱাটো কৃষক আত্মহত্যাৰ অন্যতম কাৰণ, তেন্তে এই ঋণসমূহৰ বিৱৰণৰ লগতে কৃষকৰ আৰ্থ-সামাজিক অৱস্থাৰ বিষয়েও প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ যদিও সদ্যপ্ৰকাশিত প্ৰতিবেদনত তথ্য সংযুক্তৰ বাবে কেইবাটাও শ্ৰেণী অন্তৰ্ভুক্ত কৰা হৈছে, তথাপি এই বিৱৰণসমূহে প্ৰকৃত ছবিখনক দাঙি ধৰিব পৰা নাই ৷ প্ৰকাশিত প্ৰতিবেদনত পশ্চিমবংগৰ বিষয়ে এইবুলি বিৱৰণ আহিছিল যে 6270 জন কৃষকৰ লগতে 5109 জন পাম মজদুৰ ও কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল ৷
এন চি আৰ বিয়ে এতিয়ালৈকে যুগুতোৱা সংগ্ৰহ অনুসৰি 1995 চনৰ পৰা 2016 লৈকে সমগ্ৰ দেশত 3 লাখ 30 হাজাৰ 407 গৰাকী কৃষকে আত্মহত্যাৰ কৰাৰ তথ্য পঞ্জীয়নভুক্ত হৈছে ৷ ভাৰতীয় প্ৰশাসনিক বিষয়া মি: পি চি বোধৰ অনুমান মতে একেধৰণৰ অৱস্থা বৰ্তি থাকিলে 2020 লৈকে 4 লাখ কৃষকে উপায়হীন হৈ নিজৰ জীৱন শেষ কৰিবলৈ বাধ্য হৈ পৰিব ৷ কৃষকসকলৰ দুখ-দুৰ্দশাৰ অন্ত কাহানিও নপৰিব যেনেই পৰিলক্ষিত হৈছে ৷ অথচ তেওঁলোকেই দিনা-নিশাই ৰ'দ আৰু বৰষুণক নেওচি ফচল উৎপাদনৰ বাবে কাম কৰে ৷ ফচলৰ সঠিক উৎপাদনৰ ব্যৰ্থতাৰ উপৰিও বেংকৰ ঋণৰ বোজা, উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য নোপোৱা, সংৰক্ষণ ভঁৰালৰ অভাৱৰ বাবে এজন কৃষকে নিজৰ জীৱনৰ শেষ কৰি ল'বলৈ বাধ্য হয় ৷ মহাৰাষ্ট্ৰত 1818 চন আৰু 2013 ৰ ভিতৰত 15,356 জন কৃষকে আত্মহত্যা কৰিছে ৷ তাৰ তিনিমাহ আগতে হোৱা দুৰ্ভিক্ষৰ তাণ্ডৱতো বহু কৃষকৰ মৃত্যু হৈছিল ৷