অসম

assam

ETV Bharat / bharat

কংগ্ৰেছে নিজস্ব ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰক : দেৱেগৌড়া - কৰ্ণাটকত কংগ্ৰেছ আৰু জনতা দলৰ চৰকাৰ গঠন

কংগ্ৰেছ দলক ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰাৰ বাবে দেৱেগৌড়াৰ প্ৰত্যাহ্বান ৷ শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই তেওঁক কংগ্ৰেছে বাৰে বাৰে ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰিবলৈ কৈ থকাৰ পৰিৱৰ্তে কংগ্ৰেছ দলক দলৰ নিজস্ব ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷

Former PM Deve Gowda News
কংগ্ৰেছে নিজস্ব ধৰ্মনিৰপেক্ষতা প্ৰমাণ কৰক

By

Published : Dec 27, 2020, 12:03 PM IST

নেচনেল ডেস্ক, 27 ডিচেম্বৰ :প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক নেতা সকলক আক্ৰমণৰ লক্ষ্য কৰি শনিবাৰে জনতা দলৰ মুৰব্বী তথা প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়াই কংগ্ৰেছ দলক দলটোৰ ধৰ্মীয় নিৰপেক্ষতা প্ৰমাণ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় ৷

এখন সংবাদমেল সম্বোধন কৰি দেৱেগৌড়াই কয় যে বৰ্তমান কংগ্ৰেছ দলটোত থকা বহু নেতাতকৈ তেওঁ কংগ্ৰেছ দল সম্পৰ্কে বহু কথা সম্পূৰ্ণ সত্যতাৰে ক'ব পাৰে ৷ তেওঁ কয় , "মই মোৰ ৰাজনৈতিক জীৱন এগৰাকী কংগ্ৰেছী হিচাপে আৰম্ভ কৰিছিলো আৰু কংগ্ৰেছ ত্যাগ কৰাৰ পাছত মই নিজৰ দল গঠন কৰিছিলো ৷ কংগ্ৰেছে মোক মোৰ ধৰ্মনিৰপেক্ষতা সম্পৰ্কত জ্ঞান দিয়া বন্ধ কৰক আৰু তাৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষতাক লৈ নিজৰ অতীতক তেওঁলোকে খুচৰি চাওক ৷"

মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে লগতে তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছ দলে কৰা মিত্ৰতাৰ সমালোচনা কৰি জনতা দলৰ মুৰব্বী গৰাকীয়ে মন্তব্য কৰে যে তেওঁ এনে বহু উদাহৰণ দাঙি ধৰিব পাৰিব যাৰ জৰিয়তে কংগ্ৰেছ দলে দলটোৰ ধৰ্মনিৰপেক্ষতাক লৈ ৰাইজক আভুৱা ভাৰি আছে ৷

কৰ্ণাটকত কংগ্ৰেছ আৰু জনতা দলৰ চৰকাৰ গঠনৰ সময়ত তেওঁৱেই সকলো ধৰ্মীয় নিৰপেক্ষ নেতাক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল মন্তব্য কৰি দেৱেগৌড়াই অভিযোগ কৰে যে নিজৰ সুবিধা আদায় কৰিবৰ বাবে শেষত গৈ কংগ্ৰেছেহে ধৰ্মীয় নিৰপেক্ষতা আৰু নৰম হিন্দুত্ববাদৰ প্ৰয়োগ কৰে ৷

লগতে পঢ়ক:১ জানুৱাৰীত আৰএছএছৰ প্ৰধানে উন্মোচন কৰিব গান্ধীৰ ওপৰত প্ৰকাশিত গ্ৰন্থ

ABOUT THE AUTHOR

...view details