অসম

assam

ETV Bharat / bharat

হাণ্ডৱাৰা সংঘৰ্ষত চি আৰ পি এফৰ জোৱান হত্যাত জড়িত দুই উগ্ৰপন্থী নিহত - হাণ্ডৱাৰাৰ গনিপ'ৰা কালগুণ্ড

বুধবাৰে নিশা হাণ্ডৱাৰা অঞ্চলত সেনাৰে হোৱা এক সংঘৰ্ষত নিহত হোৱা দুই উগ্ৰপন্থীৰ এজন লস্কৰ-এ-তৈয়বাৰ কমাণ্ডাৰ নাছিৰ উদ্দিন ল'ন বুলি চিনাক্ত কৰা হৈছে । চলিত বছৰৰ মে' মাহত চি আৰ পি এফৰ এটা দলৰ ওপৰত আক্ৰমণ চলাই লুট কৰা এটা একে ৪৭ ৰাইফল আৰক্ষীয়ে উদ্ধাৰ কৰিলে সংঘৰ্ষত নিহত দুই উগ্ৰপন্থীৰ পৰা ।

LeT commander involved in killing of CRPF jawans among 2 killed in Handwara encounter
হাণ্ডৱাৰা সংঘৰ্ষত চিআৰপিএফৰ জোৱান হত্যাত জড়িত দুই উগ্ৰপন্থী নিহত

By

Published : Aug 20, 2020, 6:21 PM IST

নেশ্যনেল ডেস্ক,২০আগষ্ট: বুধবাৰে নিশা হাণ্ডৱাৰাত হোৱা এক সংঘৰ্ষত নিহত দুই উগ্ৰপন্থীৰ এজন লস্কৰ-এ-তৈয়বাৰ কমাণ্ডাৰ নাছিৰ উদ্দিন ল'ন বুলি সদৰি কৰিলে কশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ।

আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰৰ মতে, চলিত বৰ্ষৰ ১৮ এপ্ৰিলত চপৰে'ত তিনি চিআৰপিএফ জোৱান আৰু ৪ মে'ত হাণ্ডৱাৰাত আৰু তিনিজন চিআৰপিএফ জোৱানৰ হত্যাৰ লগত জড়িত আছিল লস্কৰ-এ-তৈয়বাৰ কমাণ্ডাৰ নাছিৰ উদ্দিন ল'ন নামৰ এই দুর্ধর্ষ উগ্রপন্থী জন ।

হাণ্ডৱাৰা সংঘৰ্ষত চিআৰপিএফৰ জোৱান হত্যাত জড়িত দুই উগ্ৰপন্থী নিহত

আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে লগতে জানিবলৈ দিলে, চিআৰপিএফৰ জোৱান কেইজনক আক্ৰমণ চলাই লুট কৰা এটা একে ৪৭ ৰাইফল আৰক্ষীয়ে উদ্ধাৰ কৰিলে সংঘৰ্ষত নিহত দুই উগ্ৰপন্থীৰ পৰা ।

হাণ্ডৱাৰা সংঘৰ্ষত চিআৰপিএফৰ জোৱান হত্যাত জড়িত দুই উগ্ৰপন্থী নিহত

উল্লেখ্য যে, হাণ্ডৱাৰাৰ গনিপ'ৰা কালগুণ্ড অঞ্চলত বুধবাৰে নিশা সেনাৰে হোৱা সংঘৰ্ষত নিহত হৈছিল এই দুই উগ্ৰপন্থী সদস্য । নিশা ৯ বজালৈ চলা এই সংঘৰ্ষত নিহত উগ্ৰপন্থী দুজনক কুপৱাৰাৰ মজাল অঞ্চলত সমাধিস্থ কৰা হয় ।

ইফালে চপিয়ানত সেনাৰে হোৱা আন এটা সংঘৰ্ষতো এজন উগ্ৰপন্থী সদস্য নিহত হয় । নিহত উগ্ৰপন্থীজনক বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই সেনা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details