নেশ্যনেল ডেস্ক, 28 মে': কাঁইটীয়া তাঁৰত আৱদ্ধ হৈ পৰা নাহৰফুটুকীক উদ্ধাৰ কৰিবলৈ গৈ তেলেংগানাৰ নালগোন্দা জিলাত দুজন বন কৰ্মী আঘাতপ্ৰাপ্ত হ'ল ৷ সমগ্ৰ ভিডিঅ' চ'ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে ৷
বন কৰ্মীক আক্ৰমণ নাহৰফুটুকীৰ : ভিডিঅ' ভাইৰেল - Leopard attacked two forest officers
কাঁইটীয়া তাঁৰত আৱদ্ধ নাহৰফুটুকীক মুকলি কৰাৰ পাচতে বন কৰ্মীক আক্ৰমণ কৰাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷
কাঁইটীয়া তাঁৰত আৱদ্ধ নাহৰফুটুকী
ঘটনাৰ বিৱৰণী অনুসৰি, নালগোন্দাৰ ৰাজুপেটা তান্দাত এখন কৃষকে খেতিপথাৰ ৰক্ষা কৰিবৰ বাবে ব্যৱহাৰ কৰা কাঁইটীয়া তাঁৰত আৱদ্ধ হৈ পৰে এটা নাহৰফুটুকী ৷ এই তথ্য লাভৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন কৰ্মী ৷ দুঘন্টাৰ অন্তত তেওঁলোকে নাহৰফুটুকীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু মুকলি হৈ পৰা নাহৰফুটুকীটোৱে আক্ৰমণ চলাই 2 জন বন বিষয়াক ৷ এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী বন কৰ্মী ৷