কলকাতা, 25 ফেব্ৰুৱাৰীঃআমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণৰ বিৰোধিতা কৰি সোমবাৰে কলকাতাত দেখা গ'ল বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৷ ডনাল্ড ট্ৰাম্প গ' বেক ধ্বনিৰে কলকাতাৰ বিভিন্ন প্ৰান্তত বাঁওপন্থী দল সমূহৰ লগতে তেওঁলোকৰ ভগ্নী সংগঠন সমূহে প্ৰতিবাদী সমদল উলিয়াই ৷ বাঁওপন্থী দলসমূহৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হাতে হাতে বেনাৰ,প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে সমদল কৰি পশ্চিমবংগৰ বিভিন্ন জিলাৰ লগতে কলকাতা মহানগৰীৰ মাজমজিয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি দাহ কৰে ৷
ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বিৰোধিতাৰে কলকাতাত বাওঁপন্থীৰ প্ৰতিবাদ
বাঁওপন্থী দলসমূহৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে সমদল কৰি পশ্চিমবংগৰ বিভিন্ন জিলাৰ লগতে কলকাতা মহানগৰীৰ মাজমজিয়াত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি দাহ কৰে ৷
ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বিৰোধিতাৰে কলকাতাত বাওঁপন্থীৰ প্ৰতিবাদ
ডনাল্ড ট্ৰাম্পৰ বিৰোধিতাৰে উলিওৱা এই প্ৰতিবাদী সমদলত বাওঁপন্থী দল সমূহৰ লগতে ট্ৰেড ইউনিয়ন,বাওঁপন্থী দলসমূহৰ মহিলা সংগঠন আৰু ছাত্ৰ ছাত্ৰীকলে যোগ দিয়াৰ লগতে লেনিনৰ মূৰ্তিৰ সন্মুখত সমবেত হৈ কলকাতাস্থিত আমেৰিকাৰ ইউনাইটেড ষ্টেটছ ইনফৰ্মেশ্যন চাৰ্ভিছৰ সন্মুখলৈ সমদল উলিয়াই যদিও এই সমদলক কলকাতা আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰীসকলে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰহে বন্ধু,তেওঁঁ কেতিয়াও ভাৰতৰ বন্ধু নহয় ৷
লগতে চাওকঃ