নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ দেশত চলি থকা লক ডাউনৰ ফলতেই অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছে চেন্নাইত মাটিৰ বস্তু তৈয়াৰ কৰি বিক্ৰী কৰি অহা বহু ৰাজস্থানৰ শিল্পকাৰৰ জীৱন । চেন্নাইৰ বিভিন্ন ঠাইত মাটিৰে তৈয়াৰী বস্তু বিক্ৰী কৰি জীৱিকা-নিৰ্বাহ কৰি আহিছে এই সকল শিল্পকাৰে ।
চৰকাৰক সহায়ৰ আহ্বান চেন্নাইত জীৱন-নিৰ্বাহ কৰা ৰাজস্থানী শিল্পকাৰৰ - চেন্নাইৰ তিৰুভট্টিয়ুৰ
চেন্নাইত মাটিৰ বস্তু তৈয়াৰ কৰি বিক্ৰী কৰা ৰাজস্থানৰ শিল্পকাৰৰ জীৱিকালৈ আহিছে অন্ধকাৰ । লক ডাউনৰ ফলতেই বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ২৫ টাকৈ ৰাজস্থানী শিল্পকাৰৰ পৰিয়াল ।
পৰিয়াল,পত্নী সহ ৰাজস্থানী পৰাম্পৰা বেশ-ভূষা পৰিধান কৰি চহৰখনৰ ভিন্ন ঠাইত এই সকল লোকে বিক্ৰী কৰি আহিছিল মাটিৰে তৈয়াৰী দেৱ-দেৱীৰ প্ৰতিমূৰ্তি, বিভিন্ন জনপ্ৰিয় পুতলা ইত্যাদি । চেন্নাইৰ তিৰুভট্টিয়ুৰত এইয়া এক পৰিচিত দৃশ্য । কিন্তু সম্প্ৰতি দেশত চলি থকা লক ডাউনৰ ফলত এই সকলৰ একমাত্ৰ জীৱিকাৰ প্ৰতি নামি আহিছে সংকট । প্ৰায় ২৫ টাকৈ ৰাজস্থানী শিল্পকাৰৰ জীৱনলৈ নামি আছে ঘোৰ অন্ধকাৰ ।
এই সংকটৰ সময়তে এগৰাকী শিল্পিণীয়ে কয়, আমি মূৰ্তি, পুতলা ইত্য়াদি তৈয়াৰ কৰি বিক্ৰী কৰি আহিছিলো । ইয়াৰ দ্বাৰা আমি অধিক টকা অৰ্জন কৰিবলৈ সক্ষম নহও । আমি যি অলপ পৰিমাণৰ টকা অৰ্জন কৰো সেইটোৰে পৰিয়ালৰ জীৱন-নিৰ্বাহ চলাই আহিছো । কিন্তু এতিয়া আমাৰ জীৱিকা বন্ধ হৈ পৰিছে । বৰ্তমান সময়ত সকলো বন্ধ হৈ থকাত আমি এই বস্তু সমূহ অন্য় ঠাইলৈ গৈ বিক্ৰী কৰিবলৈও সমৰ্থ নহয় । আমাৰ অৱস্থা এতিয়া দুখজনক । কিছু কিছু লোকে আমাৰ অৱস্থাৰ প্ৰতি দয়াৱান হৈ খাদ্য় যোগান ধৰে যদিও আমাৰ এতিয়া একমাত্ৰ আশা হৈছে চৰকাৰৰ সাহায্য । সেয়েহে ৰাজ্য় চৰকাৰৰ আমাৰ অনুৰোধ আমাক অলপ মান সহায়ক কৰক ।