নিউজ ডেস্ক, 4 অক্টোবৰঃ হাথৰস কাণ্ডৰ বিৰোধিতাৰে 6 অক্টোবৰত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিব কংগ্ৰেছ তথা বামপন্থীসকলে ৷ কলিকতাত হাথৰস ধৰ্ষণ কাণ্ডৰ বিৰোধীতাৰে এক বিশাল সমদল আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰে বাম মৰ্চাৰ অধ্যক্ষ বিমান বোস তথা কংগ্ৰেছৰ নেতৃত্ব আব্দুল মান্নানে ৷ কলিকতাৰ বিৰোধী সমদল এছপ্লেনেডৰ পৰা আৰম্ভ কৰি পাৰ্ক ষ্ট্ৰীট হৈ লেডী ব্ৰেব'ৰ্নত অন্ত পৰিব বুলি জানিব পৰা গৈছে ৷
আনহাতে, "উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ উপৰিও পশ্চিমবংগটো সঘনাই সংঘটিত হৈ থকা মহিলা ধৰ্ষণকাণ্ড বা হত্যাকাণ্ডৰ আমি সজোৰে বিৰোধিতা কৰা উচিত " বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা আব্দুল মান্নানে ৷ ইয়াৰোপৰি, শেহতীয়াকৈ পশ্চিম মেদিনীপুৰৰ ঘাটল আৰু দেবৰাটো মহিলা শিশুৰ ওপৰত পৈশাৱিক নিৰ্যতন চলা ঘটনা পোহৰলৈ আহিছে ৷
লগতে পঢ়কঃহিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে বাক্সাত ৰাইজৰ প্ৰতিবাদ