অসম

assam

ETV Bharat / bharat

লাৰ্নিং এপ বায়জু'চৰ প্ৰতিষ্ঠাপক বায়জু ৰবিন্দ্ৰন ভাৰতৰ নতুন বিলিয়নাৰ - INDIA

বায়জু'চৰ মুঠ সম্পত্তিৰ মূল্য 6 বিলিয়ন ডলাৰ

লাৰ্ণিং এপ বায়জু'চৰ প্ৰতিষ্ঠাপক বায়জু ৰবিন্দ্ৰন ভাৰতৰ নতুন বিলিয়নেৰ

By

Published : Jul 30, 2019, 2:19 PM IST

নিউজ ডেস্ক, 30 জুলাই: Qatar Investment Authority (QIA)ৰ পৰা 150 মিলিয়ন ডলাৰৰ ফাণ্ডিং লাভ কৰাৰ পিছত ভাৰতীয় এডু-টেক প্ৰতিষ্ঠান বায়জু'চৰ মুঠ মূল্য হয়গৈ ছয় বিলিয়ন ডলাৰ ৷ ইয়াৰ পিছতেই প্ৰতিষ্ঠাপক বায়জু ৰবিন্দ্ৰন ভাৰতৰ নতুন বিলিয়নাৰ চিহ্নিত হৈছে যদিও এই বিষয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে প্ৰতিষ্ঠানটো ৷ বেংগালুৰুৰ প্ৰতিষ্ঠানটোত 21 শতাংশ শ্বেয়াৰ আছে ৰবিন্দ্ৰনৰ ৷ 2018-19 বিত্তীয় বৰ্ষত বায়জু'চৰ লাভ তিনি গুন বৃদ্ধি পাই 1,430 কোটি টকা হৈছিল ৷

লাৰ্ণিং এপ বায়জু'চৰ প্ৰতিষ্ঠাপক বায়জু ৰবিন্দ্ৰন ভাৰতৰ নতুন বিলিয়নেৰ
বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে ভাৰতীয় এডু-টেক প্ৰতিষ্ঠান সমূহত বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাটোৱে এই কথা প্ৰতিপন্ন কৰে যে ভাৰতে ডিজিটেল লাৰ্নিং ক্ষেত্ৰখনত আগশাৰীৰ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে ৰবিন্দ্ৰনে ৷ বায়জু'চে 1-12 শ্ৰেণীলৈ অনলাইন শিক্ষা আগবঢ়াই ৷


উল্লেখযোগ্য যে, বায়জু'চে ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত নিজৰ ল'গৰ বিজ্ঞাপন দিব ৷ অহা 15 চেপ্তেম্বৰত ভাৰতীয় দলে চাউথ আফ্ৰিকা ভ্ৰমণত প্ৰথম বাৰৰ বাবে বায়জু'চৰ ল'গত থকা জাৰ্চি পৰিধান কৰিব ৷

ABOUT THE AUTHOR

...view details