নিউজ ডেস্ক, 24 আগষ্ট :দেশত COVID-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে কংগ্ৰেছৰ দলৰ অধ্যক্ষ পদৰ বাবে গান্ধী পৰিয়ালৰ লোক আগবাঢ়ি আহিব নে অন্য কোনো লোক আগবাঢ়ি আহিব তাকে লৈ বৰ্তমান দলটোৰ মাজত আলোচনা অব্যাহত আছে ৷ যদিওবা গান্ধী পৰিয়ালৰ লোক দলটোৰ অধ্যক্ষৰ বাবে আগবাঢ়ি আহে তেতিয়াহলে সেই পদটোত ছোনিয়া গান্ধী নে ৰাহুল গান্ধী অধিষ্ঠিত হ'ব তাকে লৈয়ো দলটোৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷
উল্লেখ্য যে, জুলাইত দলটোৰ 23 গৰাকী শীৰ্ষ নেতাৰ হস্তাক্ষৰত প্ৰেৰণ কৰা এখন পত্ৰ ভিত্তিত দলটোৰ আভ্যন্তৰীণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ কথা আছে ৷ উক্ত আলোচনাত দলটোৰ শেহতীয়া স্থিতি সন্দৰ্ভতো শীৰ্ষ নেতাৰ সৈতে আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ শাসনলৈ অহাৰ সময়ৰে পৰাই কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিভাগত খহনীয়া আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷
ইফালে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে বিগত বহু কেইটা দশক ধৰি তীব্ৰ আৰ্থিক সংকট আৰু সংঘাতৰ পাচতো দলটোৰ ভেটি মজবুত হৈ আছে ৷ কিন্তু সেই অনুপাতে কংগ্ৰেছ দলে নিজৰ স্থিতি সন্দৰ্ভত তথা দলটো ধৰি ৰখাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই বুলি আভ্যন্তৰীণ মহলত চৰ্চা অব্যাহত আছে ৷
কংগ্ৰেছ দলটোৰ বিপদঘন্টা 2014 বৰ্ষৰ পৰাই আৰম্ভ হৈছিল, যেতিয়া 2014 চনৰ লোকসভা নিৰ্বাচনত দলটোৱে 543 খন আসনৰ ভিতৰত 44 খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ৷ তেতিয়াই দলটোৰ অধ্যক্ষ পদৰ পৰাই ছোনিয়া গান্ধীয়ে পদত্যাগ কৰিছিল ৷ পৰৱৰ্তী সময়ত 2019 বৰ্ষৰ লোকসভা নিৰ্বাচনত পুনৰ দলটোৱে আন এক সংঘাতৰ সন্মুখীন হ'ব লগা হৈছিল, য'ত দলটোৱে 543 খন আসনৰ ভিতৰত মাত্ৰ 52 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ পিচতে দলটোৰ অধ্যক্ষ পদৰ পৰাও ৰাহুল গান্ধীয়ে পদত্যাগ কৰিছিল ৷
শেহতীয়াকৈ পুনৰ দলটোৰ অধ্যক্ষ পদৰ বাবে দলটোৰ মাজত আলোচনা অব্যাহত আছে যদিও ৰাহুল গান্ধীয়ে দলটোৰ অধ্যক্ষ পদৰ বাবে গান্ধী পৰিয়ালৰ বাদে অন্য লোকক অধ্যক্ষ পদত অধিষ্ঠিত কৰিবৰ বাবে দলটোক আলোচনা কৰিবলৈ আহ্বান জনাইছে ৷
ইফালে, CWC ৰ বৈঠকৰ এদিন পূৰ্বে দলটোৰ শীৰ্ষ নেত্ৰী ছোনিয়া গান্ধীয়ে দলটোৰ অধ্যক্ষ পদৰ বাবে এগৰাকী অন্য নেতাক নিৰ্বাচন কৰিবৰ বাবে আহ্বান জনাইছে ৷
2017 চনত দলটোত ৰাহুল গান্ধী অধ্যক্ষ হৈ থকাৰ সময়ত 2018 বৰ্ষত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তিছগড় বিধানসভা নিৰ্বাচনত আশা কৰাতকৈ অধিক হাৰত জয়লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনত দলটোৱে মুখ থেকেচা খোৱাৰ পিচত দলটোৰ অৱস্থা বৰ্তমান বঠাবিহীন নাওৰ দৰে হোৱা দেখিবলৈ পোৱা গৈছে ৷