অসম

assam

ETV Bharat / bharat

অটল বিহাৰী বাজপেয়ী দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰঃ অমিত শ্বাহ - বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে টুইটযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ টুইটত মন্ত্ৰী গৰাকীয়ে বিজেপিৰ পিতামহস্বৰূপ বাজপেয়ীক দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰ আছিল বুলি উল্লেখ কৰে ৷

অটল বিহাৰী বাজপেয়ী
অটল বিহাৰী বাজপেয়ী দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰঃ অমিত শ্বাহ

By

Published : Aug 16, 2020, 1:39 PM IST

নিউজ ডেস্ক, 16 আগষ্টঃদেওবাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷

অটল বিহাৰী বাজপেয়ী দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰঃ অমিত শ্বাহ

দেওবাৰে টুইটাৰত হিন্দীত প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই পোষ্ট কৰে অমিত শ্বাহে ৷ অমিত শ্বাহে পোষ্টত উল্লেখ কৰে যে "ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰ ৷ তেওঁ এগৰাকী দেশৰ বাবে সমৰ্পিত ৰাজনৈতিক নেতা হোৱাৰ উপৰিও বিজেপি দল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ বিশেষ অৰিহণা আছে ৷ বিজেপি দলৰ পিতামহস্বৰূপ বাজপেয়ীৰ কৰ্মৰাজীৰ জৰিয়তেই বৰ্তমানেও বিজেপিৰ লাখ লাখ কৰ্মী অনুপ্ৰাণিত হৈ কাম কৰি আহিছে ৷"

অটল বিহাৰী বাজপেয়ী দেশপ্ৰেম আৰু ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰঃ অমিত শ্বাহ

উল্লেখ্য যে, 1992 চনৰ 25 ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোয়ালিয়ৰত জন্ম গ্ৰহণ কৰা বাজপেয়ী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা প্ৰথম বিজেপি নেতা ৷ তেখেতৰ ৰাজনৈতিক জীৱনত মুঠ তিনিবাৰলৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ৷ ৰাজনীতিবিদৰ উপৰিও অটল বিহাৰী বাজপেয়ী এজন লেখক আৰু কবি আছিল ৷ 2004 চনত স্বাস্থ্যৰ অবনতিৰ বাবেই সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লয় সুদক্ষ নেতাগৰাকীয়ে ৷

আনহাতে, দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবেই 2018 চনৰ 16 আগষ্টত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটউট অফ মেডিকেল চায়েঞ্চত শেষ নিশ্বাস ত্যাস কৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীয়ে ৷

আৰু পঢ়কঃ দ্বিতীয় মৃত্যুবাৰ্ষিকীত অটল বিহাৰী বাজপেয়ীক সশ্ৰদ্ধ সোঁৱৰণ

ABOUT THE AUTHOR

...view details