নিউজ ডেস্ক, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টুইটাৰত দেশবাসীক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে দেশবাসীক পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক অধিক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে সকলোকে ঐক্যবদ্ধ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আহ্বান জনায় ।
জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ - জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টুইটাৰত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।
Leaders greet people on World Environment Day
প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰত কয়, "আজি বিশ্ব পৰিৱেশ দিৱসত আমি আমাৰ গ্ৰহৰ জৈৱ বৈচিত্ৰতা ৰক্ষাৰ বাবে পুনৰ প্ৰতিজ্ঞাবদ্ধ হৈছো । জৈৱ-বৈচিত্ৰতাৰ বহনক্ষম ধাৰাটোক অটুট ৰখাৰ লগতে জীৱকুল আৰু প্ৰাণীকুলক ৰক্ষাৰ বাবে যথাসম্ভৱ সকলো কৰিবলৈ আমি সাজু থাকিব লাগিব ।"