অসম

assam

ETV Bharat / bharat

দেশবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন বহু বিশিষ্ট ৰাজনীতিবিদৰ - ভেংকায়া নাইডু

ভাৰতবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন বহুকেইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদৰ ৷ এই বৰ্ষটোত সকলোৰে সু-স্বাস্থ্য, আনন্দ আৰু সমৃদ্ধি কামনা কৰে বিশিষ্ট ৰাজনীতিবিদসকলে ৷

New Year greetings
নৱবৰ্ষৰ শুভেচ্ছা

By

Published : Jan 1, 2021, 1:07 PM IST

নেশ্যনেল ডেস্ক,1 জানুৱাৰী : নৱবৰ্ষৰ শুভক্ষণত দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুসহ বহুকেইগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদে ৷

টুইটাৰযোগে 2021 বৰ্ষৰ শুভেচ্ছা জনাই এই বৰ্ষটোত সকলোৰে সু-স্বাস্থ্য, আনন্দ আৰু সমৃদ্ধি কামনা কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে উপ ৰাষ্ট্ৰপতি ভোংকায়া নাইডুৱে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকলৈ টুইটযোগে হিয়াভৰা শুভেচ্ছা জনায় ৷ লগতে বিগত বৰ্ষত হোৱা ক’ভিড মহামাৰীয়ে সকলোকে এক নতুন অধ্যায় শিকায় ৷

শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে দেশবাসীক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ দেশবাসীয়ে যাতে পূৰ্বৰ সকলো দুখ-দুৰ্গতিৰ পৰা মুক্ত হৈ ন-উদ্যমেৰে আগবাঢ়িব পাৰে তাক লৈ আশা ব্যক্ত কৰে ৰাষ্ট্ৰপতিয়ে ৷

ইয়াৰোপৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাই শাসকীয় বিজেপি দলৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ৷ বৰ্তমানো ন্যায় নোপোৱা কৃষকসকলৰ সৈতে তেওঁ যুদ্ধ চলাই যাব বুলি মন্তব্য কৰে ৷

ইয়াৰোপৰি ৰাহুলে কৃষক আৰু প্ৰৱাসী মজদুৰসকলৰ সমস্যা সন্দৰ্ভত চৰকাৰক সমালোচনা কৰে ৷

লগতে পঢ়ক :দিল্লীৰ মহকুমা দণ্ডাধীশৰ কাৰ্যালয়ত আক্ৰমণ যুৱকৰ

ABOUT THE AUTHOR

...view details