অসম

assam

ETV Bharat / bharat

গুগল প্লে ষ্ট’ৰত উপলদ্ধ হ’ল FAU-G - অক্ষয় কুমাৰে মুকলি কৰিলে FAU G

সম্পূৰ্ণৰূপে ভাৰততে প্ৰস্তুত কৰি উলিওৱা FAU-G ম’বাইল গেমটো গণৰাজ্য দিৱসৰ দিনটোতে মুকলি কৰি দিয়া হ’ল ৷ সম্প্ৰতি এই গেম গুগল প্লে ষ্ট’ৰতো উপলদ্ধ কৰা হৈছে ৷

Launched by Akshay Kumar, FAU-G can now be downloaded from Google Play Store
গুগল প্লে ষ্ট’ৰত উপলদ্ধ হ’ল FAU-G

By

Published : Jan 27, 2021, 5:10 PM IST

Updated : Jan 27, 2021, 5:46 PM IST

নিউজ ডেস্ক,27 জানুৱাৰী: 72 সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ভাৰতে মুকলি কৰিলে জনপ্ৰিয় অনলাইন ম’বাইল গেম PUBGৰ বিকল্প FAU-G ৷ এই গেমটো সম্প্ৰতি গুগল প্লে ষ্ট’ৰত উপলব্ধ কৰা হোৱা বুলি জানিবলৈ দিছে গেমটো প্ৰস্তুতকাৰী কোম্পানীয়ে ৷

FAU-G এপটোৰ বৰ্ণনাত দেখুওৱা হৈছে কেনেদৰে ভাৰতীয় সেনাই দুৰ্বৃত্তৰ সৈতে মোকাবিলা কৰে ৷ বলিউড অভিনেতা অক্ষয় কুমাৰে সামাজিক মাধ্যমযোগে FAU-G মুকলি কৰি গেমটোৰ এটি এনিমেটেড ভিডিঅ’ও মকলি কৰিছে ৷

সম্পূৰ্ণৰূপে ভাৰততে প্ৰস্তুত কৰি উলিওৱা FAU-G গেমটোৰ দ্বাৰা আমাৰ সেনাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে ৷ সম্পূৰ্ণ সঁচা পৃথিৱীখনৰ ওপৰত আধাৰিত এই গেমটোৱে ভাৰতৰ সীমান্তক সুৰক্ষা প্ৰদান কৰা জোৱানসকলৰ উৎসাহ আৰু সংগ্ৰামক জীৱিত কৰি তুলিছে ৷

অভিনেতা অক্ষয় কুমাৰে 2020 চনতে PUBG ম’বাইলক ভাৰতত নিসিদ্ধ কৰাৰ পিছতে আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে এই অনলাইন গেমটোৰ ঘোষণা কৰিছিল ৷

লগতে পঢ়ক-সামাজিক মাধ্য়মত ভাইৰেল তেজ প্ৰতাপৰ চিঠি

Last Updated : Jan 27, 2021, 5:46 PM IST

ABOUT THE AUTHOR

...view details