নিউজ ডেস্ক, ৯ জুনঃ মহাৰাষ্ট্ৰৰ লাতুৰ চহৰত এগৰাকী নাৱালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আটক হ'ল এজন শিক্ষক। সোমবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰে এই কথা।
নাৱালিকাক যৌন নিৰ্যাতন চলাই ৰঙাঘৰত শিক্ষক - Maharashtra news
মহাৰাষ্ট্ৰৰ লাতুৰ চহৰস্থিত ঔচা বিদ্যালয়ৰ শিক্ষক পৰমেশ্বৰ পাৱালেৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। দেওবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা।

লাতুৰ চহৰস্থিত ঔচা বিদ্যালয়ৰ শিক্ষক পৰমেশ্বৰ পাৱালেৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ । দেওবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত ভুক্তভোগী নাৱালিকাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ দাখিল কৰাৰ পাছতে আটক কৰা হয় শিক্ষকজনক।
উল্লেখ্য যে, সুলেখাদেৱী নগৰ অঞ্চলত শিক্ষক পৰমেশ্বৰ পাৱালেৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ভুক্তভোগী নাৱালিকাগৰাকী আৰু মাতৃ। ইতিমধ্যে এই ঘটনাৰ অভিযুক্ত শিক্ষকজনক ভাৰতীয় দণ্ডবিধিৰ যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (Protection of Children from Sexual Offences Act)ৰ আধাৰত গ্ৰেপ্তাৰ কৰা হৈছে।