নিউড ডেক্স, 18 জুলাইঃ ঝাৰখণ্ডৰ এখন নক্সাল প্ৰভাৱিত জিলা হৈছে লাটেহাৰ ৷ প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল আৰু খনিজ সম্পদৰ বাবে বিখ্যাত এই জিলাখন ৷ এটা সময়ত উগ্ৰবাদী কাৰ্যকলাপৰ বাবে জনাজাত এই অঞ্চলটোত বৰ্তমান পৰিলক্ষিত হৈছে এক নতুন সকাৰাত্মক পৰিৱৰ্তন ৷ ঝাৰখণ্ডৰ অতি পিছপৰা এই জিলাখনৰ শিশুসকলে শিক্ষাৰ জৰিয়তে কঢ়িয়াই আনিছে এক নতুন পোহৰৰ ৰেঙণি ৷ কিন্তু, কিছু পৰিমাণে তেওঁলোকে হতাশাতো ভোগা পৰিলক্ষিত হৈছে ৷ কৰ'ণা মহামাৰীৰ বাবে তেওঁলোকলৈ অনলাইন শিক্ষাৰ ব্যৱস্থা কৰা হৈছে যদিও ডিজিটেল ডিভাইডৰ (প্ৰযুক্তিগত পৃথকীকৰণ) বাবে শিক্ষাত ব্যাঘাত জন্মিছে ৷ জিলাখনৰ নেতাৰহাটত এখন সৈনিক স্কুল আছে যদিও গাঁৱৰ শিশুসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই উন্নতমানৰ শিক্ষা ৷
দশকজুৰি লাটেহাৰ নক্সাল প্ৰভাৱিত অঞ্চল হোৱা বাবেই বৰ্তমানলৈকে দেখা নাই উন্নয়নৰ মুখ ৷ কিন্তু শেহতীয়াকৈ গাঁৱৰ লোকসকলে এই কথা বুজি উঠিছে যে, পিছপৰা পৰিস্থিতিৰ পৰা নিজকে স্বাধীন কৰিবলৈ হ'লে শিক্ষাই হৈছে একমাত্ৰ উপায় ৷ জিলাখনত থকা প্ৰায় 1,234 খন স্কুলত অধ্যয়নৰত 1.49 লাখ ছাত্ৰ-ছাত্ৰী ৷ কিন্তু লকডাউনে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত কঢ়িয়াই আনিলে বাধা ৷ ইয়াৰ বিকল্প সুবিধা হিচাপে ৰাজ্য চৰকাৰে শিশুসকলৰ বাবে অনলাইন শিক্ষাৰ ব্যৱস্থা কৰিলেও অধিকাংশৰে ওচৰত নাই স্মাৰ্ট ফোন ৷
যিসকলৰ স্মাৰ্ট ফোনৰ সুবিধা আছে তেওঁলোকৰ কিন্তু নাই ইন্টাৰনেটৰ সুবিধা ৷ শিক্ষা বিভাগৰ বিষয়ববীয়াৰ মতে, কেৱল 27 শতাংশ শিশুয়েহে অনলাইন শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে ৷