নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰতত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ এই যাত্ৰাৰ মাজতে আগ্ৰা ভ্ৰমণ কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ ড'নাল্ড ট্ৰাম্পে সপৰিয়ালে ভ্ৰমণ কৰিব প্ৰেম নগৰী আগ্ৰা ৷ কিন্তু লক্ষণীয় কথাটো হ'ল যে,এই যাত্ৰাকালত ড'নাল্ড ট্ৰাম্পৰ সৈতে নাথাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷এইক্ষেত্ৰত যথেষ্ট কটকটীয়া কৰা হৈছে সুৰক্ষা ব্যৱস্থা ৷ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ দিশটো তদাৰক কৰিছে আমেৰিকাৰ চিক্ৰেট চাৰ্ভিছে ৷
বান্দৰে সুৰক্ষা দিব ড'নাল্ড ট্ৰাম্পক! - আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প
দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ভাৰতলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ এই যাত্ৰাৰ মাজতে প্ৰেম নগৰী আগ্ৰা ভ্ৰমণ কৰিব আমেৰিকা ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৷ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷ এইবাৰ আগ্ৰা ভ্ৰমণ কালত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সুৰক্ষাত বান্দৰে ল'ব বিশেষ ভূমিকা ৷
কিন্তু বাহ্যিক সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে এন.এচ.জি আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ সুৰক্ষা এনেকুৱা কৰা হৈছে যাতে আকাশৰ পৰা পাতাললৈকে পোক-পৰুৱা এটাও ক্ষতি কৰিব নোৱাৰে ৷ কিন্তু সুৰক্ষা এজেঞ্চীক এটা বিশেষ কথাই যথেষ্ট চিন্তিত কৰি তুলিছিল ৷ কাৰণ এই অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই বান্দৰে যথেষ্ট সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ সুৰক্ষাৰ ক্ষেত্ৰত যাতে একো বাদ নপৰে,বান্দৰে যাতে কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে ৷ বান্দৰৰ উৎপাত ৰোধিবৰ বাবে বান্দৰকেই ব্যৱহাৰ কৰিছে প্ৰশাসনে ৷ আৰক্ষী-প্ৰশাসনে এতিয়া পাঁচজনীয়া এটা বান্দৰৰ দলৰ সহায় লৈছে অন্যান্য বান্দৰৰ পৰা ট্ৰাম্প আৰু ট্ৰাম্পৰ পৰিয়ালক প্ৰতিৰক্ষা দিবৰ বাবে ৷
লগতে পঢ়কঃট্ৰাম্প বাহিনীক আদৰিবলৈ সাজু আগ্ৰা