অৰুণাচলত ভয়ংকৰ ভূমিস্খলন - tezpur
অৰুণাচলৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ভূমিস্খলন ৷ পাহাৰীয়া নৈৰ সোঁতে উটুৱাই নিলে কালভাৰ্ট, ৰেষ্টুৰেন্ট, ঘৰ ৷ জিলা প্ৰশাসনে নিষিদ্ধ কৰিছে যান বাহনৰ চলাচল ৷
তেজপুৰ, 8 জুলাই : অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ নাগ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন ৷ এটা কালভাৰ্ট, এখন ৰেষ্টুৰেন্ট আৰু কেইবাটাও ঘৰ নিমিষতে উটুৱাই নিলে পাহাৰীয়া নৈৰ সোঁতে ৷ বৰ্তমানেও সন্ধানহীন হৈ আছে দুজন লোক ৷ বিয়লি 5 বজাত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা ৷ চেঁচা আৰু ৰুপাৰ মাজত 64 কিঃ মিঃ পথত আৱদ্ধ 100ৰো অধিক যান বাহন ৷ ইয়াৰ মাজত আছে পৰ্যটকৰ বাহনো ৷ জিলা প্ৰশাসনে নিষিদ্ধ কৰিছে যান বাহনৰ চলাচল ৷ পথ মুকলি কৰিবৰ বাবে অধিক লোকক নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে অতিৰিক্ত উপায়ুক্ত এনডিও পাৰ্টিনে ৷ যোৱা তিনিদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলতে পাহাৰীয়া নৈৰ স্ৰোত বৃদ্ধি হৈছে জিলাখনত ৷