অসম

assam

ETV Bharat / bharat

বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা লালু প্ৰসাদ যাদৱৰ - ১২ জানুৱাৰীত পাটনাৰ পুনাইচাক এলেকাত অচিনাক্ত বাইক আৰোহীয়ে ইণ্ডিগ এয়াৰলাইনচৰ বিষয়া ৰূপেশ কুমাৰ সিঙক হত্যা

১২ জানুৱাৰীত পাটনাৰ পুনাইচাক এলেকাত অচিনাক্ত বাইক আৰোহীয়ে ইণ্ডিগ এয়াৰলাইনচৰ বিষয়া ৰূপেশ কুমাৰ সিঙক হত্যা কৰা ঘটনাৰ পাচতে নিতিশ কুমাৰৰ চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ, আৰ জে দিৰ লগতে বিহাৰ বিধানসভাৰ বিৰোধী নেতাৰ ।

বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা লালু প্ৰসাদ যাদৱৰ
বিহাৰ চৰকাৰক তীব্ৰ সমালোচনা লালু প্ৰসাদ যাদৱৰ

By

Published : Jan 18, 2021, 7:07 PM IST

নিউজ ডেস্ক, ১৮ জানুৱাৰী: বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কটাক্ষ বৰ্তমানৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰক । ১২ জানুৱাৰীত পাটনাৰ পুনাইচাক এলেকাত অচিনাক্ত বাইক আৰোহীয়ে ইণ্ডিগ এয়াৰলাইনচৰ বিষয়া ৰূপেশ কুমাৰ সিঙক হত্যা কৰা ঘটনাৰ পাচতে আৰ জে দিয়ে ৰাজ্যখনত বৃদ্ধি পোৱা অপৰাধৰ বাবে বিহাৰ চৰকাৰক সমালোচনা কৰি আহিছে । সোমবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট চৰকাৰক সমালোচনা কৰি নিতিশ কুমাৰৰ শাসনকালত ৰাজ্যখনত অপৰাধজনিত ঘটনা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে ।

ৰাষ্ট্ৰীয় জনতা দল চমুকৈ আৰ জে দিৰ প্ৰধানে টুইটযোগে উল্লেখ কৰে যে ২০০৪ চনত তেওঁৰ চৰকাৰৰ শেষৰ কাৰ্যকালৰ অপৰাধৰ তুলনাত ২০১৯ চনলৈ নিতিশ কুমাৰৰ শাসনকালত বিহাৰত অপৰাধৰ ঘটনা যথেষ্ঠ বৃদ্ধি পাইছে । আৰ জে দিৰ শাসনকালৰ শেষৰ কাৰ্যকালত অপৰাধৰ সংখ্যা আছিল মুঠ ১,১৫, ২১৬ টা । বৰ্তমান নীতিশ কুমাৰৰ শাসনকালত ৰাজ্যখনত ২,৬৯,০৯৬ লৈ দুগুতকৈও অধিক বৃদ্ধি পাইছে ।

১৬ জানুৱাৰীত বিহাৰ বিধানসভাৰ বিৰোধী নেতা আৰু আৰ জে দি নেতা তেজস্বী যাদৱে বিহাৰত অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা বুলি মন্তব্য কৰাৰ লগতে শাসমৰ গাদীত বহি থকা নেতাসকলে অপৰাধীক ৰক্ষণাবেক্ষণ দি আহিছে বুলিও কয় ।

লগতে পঢ়ক:কেৰালাত তৃতীয়বাৰলৈ যৌন নিৰ্যাতনৰ বলি এগৰাকী কিশোৰী

ABOUT THE AUTHOR

...view details