অসম

assam

ললিত মোডীকো দেশলৈ প্ৰত্যাৰ্পণ কৰিব লাগেঃ অধিবক্তা অজয় কুমাৰ জৈন

By

Published : Apr 22, 2020, 11:32 AM IST

সুৰা সম্ৰাট বিজয় মালিয়াই সংযুক্ত গণৰাজ্যৰ আদালতত প্ৰত্যাৰ্পণ সম্পৰ্কীয় গোচৰত পৰাজিত হোৱাৰ পিচতে আন এগৰাকী অৰ্থনৈতিক প্ৰৱঞ্চক ললিত মোডীকো দেশলৈ প্ৰত্যাৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে এগৰাকী অধিবক্তাই । অধিবক্তা অজয় কুমাৰ জৈনে আইপিএলৰ প্ৰাক্তন আয়ুক্তগৰাকীক প্ৰত্যাৰ্পণৰ দ্বাৰা ভাৰতলৈ আনি আইনৰ সন্মুখত ঠিয় কৰাব লাগে বুলি দাবী জনাইছে ।

অধিবক্তা অজয় কুমাৰ জৈন
অধিবক্তা অজয় কুমাৰ জৈন

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ বিজয় মালিয়াৰ ভাৰতলৈ প্ৰত্য়াৰ্পণৰ বিৰুদ্ধে লণ্ডন উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন নাকচ কৰে সংযুক্ত গণৰাজ্যৰ শীৰ্ষ আদালতে। বিগত সোমবাৰে মালিয়াই দাখিল কৰা আবেদন নাকচৰ পিচতে তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ পথ সুগম হৈ পৰে । ইয়াৰ পিচতেই আন এগৰাকী অৰ্থনৈতিক প্ৰৱঞ্চক তথা আইপিএলৰ প্ৰাক্তন আয়ুক্ত ললিত মোডীকো দেশলৈ প্ৰত্যাৰ্পণ কৰি আদালতৰ কাঠগড়াত ঠিয় কৰাব লাগে বুলি দাবী উত্থাপন কৰিছে এগৰাকী অধিবক্তাই ।

জয়পুৰস্থিত অধিবক্তা অজয় কুমাৰ জৈনে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে । অধিবক্তাগৰাকীয়ে বিজয় মালিয়াৰ দৰেই ললিত মোডীৰ বিৰুদ্ধেও আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰত্যাৰ্পণ গোচৰ ৰুজু কৰিবলৈ দাবী উত্থাপন কৰে । অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ইডিয়ে ইতিমধ্যে ললিত মোডীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । মুম্বাই ইডিয়েও মোডীৰ বিৰুদ্ধে ৱাৰেন্ট ইতিমধ্যে জাৰী কৰিছে । ভাৰতীয় জাতীয় পতাকাক অপমান কৰাৰ অভিযোগত জয়পুৰ আদালততো মোডীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকাৰ লগতে আন দুটাকৈ গোচৰো ৰুজু হৈ আছে ।

ভাৰতত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰম্ভ কৰা ললিত মোডীৰ বিৰুদ্ধে ২০১০ চনত দুৰ্নীতিৰ গোচৰ ৰুজু হৈছিল । ইয়াৰ উপৰিও আইপিএলৰ ৪২৫ কোটিৰ এটা ঠিকা মৰিছাচৰ এটা কোম্পানীক প্ৰদান কৰাৰ অভিযোগো আছে ললিত মোডীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি,এই ঠিকা প্ৰদানৰ সময়তে কোম্পানীটোৰ পৰা ১২৫ কোটি টকাৰ উপঢৌকন লৈছিল ললিত মোডীয়ে। পৰৱৰ্তী সময়ত দেশ এৰি পলায়ন কৰিছিল ললিত মোডীয়ে ।

ABOUT THE AUTHOR

...view details