অসম

assam

ETV Bharat / bharat

চীনৰ কোম্পানীৰ বিৰুদ্ধে সৰব জোমেটোৰ কৰ্মচাৰী, জ্বলাই দিলে টি-চাৰ্ট - কলকাতা

ভাৰত-চীনৰ সংঘৰ্ষৰ ফলত শ্বহীদ হোৱা ২০ গৰাকী জোৱানৰ প্ৰতিবাদত শনিবাৰে কলকাতাৰ জোমেটো খাদ্য বিতৰণ কৰা একাংশ কৰ্মচাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদত কৰ্মচাৰী সকলে কৰ্মৰত প্ৰতিষ্ঠানটোৰ টি-চাৰ্ট জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও চীনৰ অংশদাৰিত্ব থকা জোমেটোৰ পৰা শীঘ্ৰে অব্যাহতি ল'ব বুলিও মত প্ৰকাশ কৰে । লগতে জোমেটোৰ পৰা ভাৰতীয় জনসাধৰণক খাদ্য অৰ্ডাৰ নকৰিবলৈ অনুৰোধ জনাই কৰ্মচাৰীসকলে ।

জোমেটো
চীনৰ কোম্পানীৰ বিৰুদ্ধে সৰব জোমেটোৰ কৰ্মচাৰী, জ্বলাই দিলে টি-চাৰ্ট

By

Published : Jun 28, 2020, 9:22 AM IST

নিউজ ডেস্ক, ২৮ জুনঃ বিগত সপ্তাহত লাডাখত চীন-ভাৰতৰ সেনাৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ২০ জনকৈ ভাৰতীয় জোৱানৰ প্ৰতিবাদত কলকাতাত শনিবাৰে জোমেটো খাদ্য বিতৰণৰ একাংশ কৰ্মচাৰীয়ে জ্বলাই দিয়ে প্ৰতিষ্ঠানটোত কৰ্মৰত অৱস্থাত পৰিধান কৰিবলগীয়া টি-চাৰ্ট ।

চীনৰ কোম্পানীৰ বিৰুদ্ধে সৰব জোমেটোৰ কৰ্মচাৰী, জ্বলাই দিলে টি-চাৰ্ট

কলকাতাৰ বেহেৱাত হোৱা এই প্ৰতিবাদত জোমেটো কৰ্মচাৰীসকলে শীঘ্ৰে এই কামৰ পৰা অব্যাহতি ল'ব বুলিও সদৰি কৰে । জোমেটোত চীনৰ বিনিয়োগ থকা বাবেই কৰ্মচাৰীসকলে জোমেটোৰ পৰা অব্যাহতি লোৱাৰ উপৰিও জনসাধাৰণকো জোমেটোৰ পৰা খাদ্য অৰ্ডাৰ নকৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, ২০১৮ চনত চীনাৰ বিনিয়োগকাৰী অলীবাবাই জোমেটোত ১৪.৭ শতাংশ অংশদাৰীত্ব আগবঢ়াই ২১০ মিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰে । লগতে এগৰাকী জোমেটো কৰ্মচাৰীয়ে প্ৰতিবাদস্থলীত কয় যে, চীনৰ কোম্পানীসকলে ভাৰতৰ পৰা ব্যৱসায়ত লাভৰ অংশ লৈ গৈ আছে আৰু তাৰ পাচতো ভাৰতৰ ওপৰত আক্ৰমণ কৰিছে চীনে । লগতে চীনে ভাৰতৰ ভূমি বেদখল কৰাৰ চেষ্টা কৰি আছে বুলিও উল্লেখ কৰে ।

তাৰোপৰি অন্য এজন কৰ্মচাৰীয়ে কয় যে, ভোকত থাকিবলৈ সাজু কিন্তু তথাপি চীনৰ অংশীদাৰিত্বত থকা কোম্পানীসমূহত কাম নকৰো ৷

লগতে পঢ়ক : নলবাৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী

ABOUT THE AUTHOR

...view details