অসম

assam

ETV Bharat / bharat

লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াৰ - বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়া

বায়ুসেনা প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াই শুকুৰবাৰে পৰিদৰ্শন কৰে ভাৰত-চীনৰ মাজত হোৱা সীমান্তৰ সংঘৰ্ষস্থলীত থকা যুজাৰু বিমানৰ ঘাটি । সীমান্তৰ সংঘৰ্ষস্থলীত হাই এলাৰ্ট জাৰি কৰাৰ পাচতো শুকুৰবাৰে ব্যক্তিগতভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰে বায়ুসেনা প্ৰধান গৰাকীয়ে ।

বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়া
লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়াৰ

By

Published : Jun 20, 2020, 3:13 PM IST

নিউজ ডেস্ক, ২০ জুনঃভাৰতীয় বায়ুসেনাৰ প্ৰধান মাৰ্চেল আৰ,কে ভদোৰিয়াই পৰিদৰ্শন কৰে লাডাখৰ সীমান্ত অঞ্চল। শুকুৰবাৰে বিয়লি ভাগত বায়ুসেনাৰ প্ৰধান গৰাকীয়ে ব্যক্তিগতভাৱে ভাৰত-চীনৰ মাজত হোৱা সীমান্তৰ সংঘৰ্ষস্থলী পৰিদৰ্শন কৰে মাৰ্চেল আৰ,কে ভদোৰিয়াই ।

লাডাখৰ সীমান্ত অঞ্চল পৰিদৰ্শন বায়ুসেনা প্ৰধান মাৰ্চেল আৰ, কে ভদোৰিয়াৰ

সম্প্ৰতি হাই এলাৰ্ট জাৰি কৰা সীমান্ত অঞ্চলত বিগত ১৭ জুনতো যুজাৰু বিমান সন্দৰ্ভত তথ্য ল'বলৈ উপস্থিত হৈছিল মাৰ্চেল আৰ,কে ভদোৰিয়াই । ভদোৰিয়াইন পৰিদৰ্শন কৰাৰ দুদিন পাচতে সীমান্ত অঞ্চলত ভাৰত-চীনৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল ২০ জনকৈ ভাৰতীয় সেনা জোৱান ।

আনহাতে, সেনা বাহিনীয়ে যুজাৰু বিমানসমূহ পুনৰ আগৰ স্থানলৈ স্থানান্তৰ কৰাৰ লগতে বিমান যুজাৰুসকলক সকলো সময়তে সজাগ থাকিবলৈ নিৰ্দেশ দিয়ে । তাৰোপৰি ভাৰতীয় নৌ-সেনা বাহিনীকো হাই এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশ দিয়ে বুলি সদৰি কৰে ।

তাৰোপৰি সংঘৰ্ষৰ সময়ত ৪ গৰাকী ভাৰতীয় সেনা বিষয়াসহ ১০ গৰাকী জোৱানক চীনৰ পিপলছ লিবাৰেশ্ব্যন আৰ্মীয়ে আটক কৰে । দুই দিন ধৰি চীনা সেনাই ভাৰতীয় সেনা কেইগৰাকীক আটক কৰি ৰখাৰ দুদিন পাচত তথা বৃহস্পতিবাৰে সেনা কেইগাকীক মুকলি কৰি দিয়ে বুলিও জানিবলৈ দিয়ে ।

লগতে চাওকঃ বেইজিঙত COVID-19 প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ

ABOUT THE AUTHOR

...view details