নিউজ ডেস্ক, ২২ জুনঃ দেশৰ ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা ভাইৰাছ । যাৰ বাবে ৰাজধানী খনত নাটনি হৈছে এম্বুলেঞ্চৰ সংখ্যা । কৰ'ণাত আক্ৰান্ত ৰোগীসকৰ বাবে বিচনা যোগাৰত ব্যস্ত থকা চৰকাৰে এতিয়া কেনেদৰে কম সময়ৰ ভিতৰত এম্বুলেঞ্চৰ যোগাৰ কৰিব সেই সন্দৰ্ভত চিন্তিত হৈ পৰিছে দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখন ।
দিল্লীত এম্বুলেঞ্চৰ নাটনিৰ বাবেই চৰকাৰে দিল্লী আৰক্ষীৰ পিছিআৰ ভেন আৰু ব্যক্তিগত টেক্সি কোম্পানীসমূহৰ টেক্সিক এম্বুলেঞ্চৰ ৰূপ দি প্ৰয়োগ কৰাৰ বাবে চিন্তাচৰ্চা কৰিছে বুলি জানিবলৈ দিয়ে ।