অসম

assam

ETV Bharat / bharat

কেৰালাত এটা ব্যক্তিগত কোম্পানীত শ্ৰমিকৰ আত্মহত্যা - প্ৰফুল্ল কুমাৰ নাম

শনিবাৰে কেৰালাত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত প্ৰফুল্ল কুমাৰ নামৰ 50 বছৰীয়া এজন ব্যক্তিয়ে আত্মহত্যা কৰে ৷

Labourer commits suicide due to 'starvation' in Kerala
কেৰালাত এটা ব্যক্তিগত কোম্পানীত শ্ৰমিকৰ আত্মহত্যা

By

Published : Jan 2, 2021, 4:29 PM IST

নিউজ ডেস্ক,2জানুৱাৰীঃ শনিবাৰে কেৰালাত এটা ব্যক্তিগত কোম্পানীত দৈনিক মজুৰি কৰা শ্ৰমিক হিচাপে কৰ্মৰত প্ৰফুল্ল কুমাৰ নামৰ 50 বছৰীয়া এজন ব্যক্তিয়ে আত্মহত্যা কৰে ৷ কিয়নো বিগত 145 দিন ধৰি কোম্পানীতো বন্ধ হৈ আছিল ৷

কোম্পানীটোত কৰ্মৰত শ্ৰমিক সকলে জানিবলৈ দিয়া মতে তেওঁলোকে কোম্পানীটোৰ স্বত্বাধিকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু তেওঁলোকৰ লগত প্ৰফুল্ল কুমাৰ নামৰ লোক জনেও শুকুৰবাৰৰ লৈকে প্ৰতিবাদত উপস্থিত আছিল ৷ কিন্তু কোম্পানীৰ স্বত্বাধিকাৰীয়ে কোম্পানীটো পুনৰ আৰম্ভ কৰিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আত্মহত্যাৰ পথ বাছি লোৱা বুলি উল্লেখ কৰে শ্ৰমিক সকলে ৷

আনহাতে ঘটনাস্থলীত জিলা উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা লগতে আৰক্ষীৰ জৰিয়তে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

লগতে পঢ়কঃ 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details