নিউজ ডেস্ক , ১৯ জানুৱাৰী : মধ্য়প্ৰদেশত মানৱীয়তাৰ অন্য়তম নিদৰ্শন দাঙি ধৰিলে এগৰাকী লেব টেকনিছিয়ানে । শনিবাৰে ৰাজ্য়খনৰ মথুৰা ৰেলৱে ষ্টেচনত এগৰাকী গৰ্ভৱতী মহিলাক প্ৰসৱত সহায় কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে দিল্লীৰ পৰা মধ্য়প্ৰদেশলৈ গৈ থকা এজন লেব টেকনিছিয়ানে ।
উল্লেখ যে এগৰাকী গৰ্ভৱতী মহিলা নিজ ভাতৃৰ সৈতে দমোহলৈ গৈ আছিল । কিন্তু ৰেল খনৰ চলন্ত অৱস্থাতে মহিলা গৰাকীয়ে হঠাৎ প্ৰসৱ বেদনা অনুভৱ কৰে । গৰ্ভৱতী মহিলা গৰাকীয়ে প্ৰচণ্ড বিষত চিঞৰি থকা প্ৰত্য়ক্ষ কৰিছিল সুনীল প্ৰজাপতি নামৰ লেব টেকনিছিয়ানজনে ।
২০ জানুৱাৰীত প্ৰসৱৰ দিন আছিল যদিও মহিলাগৰাকীৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল । ভাতৃৰ সৈতে অহা মহিলাগৰাকীক সহায়ৰ বাবে সুনীলে আগবাঢ়ি গৈছিল আৰু তেওঁ কাম কৰা হাস্পতালখনৰ এগৰাকী চিকিৎসক সুপৰ্না সেনক ফোন কৰি মহিলাগৰাকীৰ বিষয়ে অৱগত কৰে । তাৰ পিছতে চিকিৎসক গৰাকীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চত সংযুক্ত হয় সুনীল নামৰ লেব টেকনিচিয়ানজন ।